
নলবাৰী, ২৯ জুন (হি.স.)। নলবাৰীৰ ন।জৱাহৰ নবোদয় বিদ্যালয়ৰ ঘটনাক লৈ ক্ষোভিত আৰু উদ্বিগ্ন হৈ পৰিছে অভিভাৱক। এইবাৰ ক্ষুদ্ধ অভিভাৱকে বিদ্যালয়লৈ আহি জবাবদিহি কৰিলে বিদ্যালয়ৰ অধ্যক্ষক৷
নলবাৰীৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ৰেগিং তথা ছাত্ৰ আতিশয্য কাণ্ডৰ ঘটনাক লৈ ক্ষোভিত হৈ পৰা অভিভাৱক সকল আজি প্ৰতিবাদমুখৰ হৈ পৰে। নলবাৰী বানেকুছিৰ জৱাহৰ নৱোদয় বিদ্যালয় এতিয়া মদ ভাঙৰ আদ্দা স্থলীত পৰিণত হোৱা অভিযোগ উত্থাপন হৈছে৷ বিদ্যালয় চৌহদ ভিতৰৰ পৰিবেশ পুতৌ লগা হৈ পৰা বুলিও অভিযোগ উত্থাপন কৰিলে ক্ষোভিত অভিভাৱকে৷ ইপিনে কিছুদিন পুৰ্বে মাৰপিটত জড়িত তিনি ছাত্ৰৰ শাস্তিৰ ঘোষণা কৰা হৈছে বুলি জানিব পৰা গৈছে।
ৰেগিং কাণ্ডৰে জড়িত ৩ অভিযুক্ত ছাত্ৰক ১৫ দিনলৈ নিলম্বন কৰা হৈছে। ছাত্ৰাৱাসতো থাকিব নোৱাৰিব ৩ অভিযুক্ত ছাত্ৰই। আজি অধ্যক্ষই সদৰি কৰিলে এই কথা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা