
নতুন দিল্লী, ২৯ জুন (হি.স.)। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নড্ডাই সোমবাৰে ৰাষ্ট্ৰীয় এম্বুলেন্স সেৱাৰ কাৰ্য্যকৰী নিৰ্দেশনা-২০২৬ প্ৰকাশ কৰে। এই নিৰ্দেশনাসমূহৰ লক্ষ্য হৈছে সমগ্ৰ দেশতে এম্বুলেন্স সেৱাসমূহক একেধৰণৰ, আধুনিক আৰু অধিক ফলপ্ৰসূ কৰি তোলা যাতে প্ৰতিজন নাগৰিকে সময়মতে, নিৰাপদ আৰু মানসম্পন্ন জৰুৰীকালীন চিকিৎসা পৰিবহণ ব্যৱস্থা লাভ কৰিব পাৰে।
প্ৰথমবাৰৰ বাবে নতুন নিৰ্দেশনাৰ অধীনত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এম্বুলেন্স সেৱাৰ পৰিচালনা, নিৰীক্ষণ আৰু মানদণ্ডৰ বাবে এক ৰাষ্ট্ৰীয় কাঠামো প্ৰস্তুত কৰা হৈছে। ইয়াৰ ভিতৰত এম্বুলেন্সৰ শ্ৰেণী, জনসংখ্যা নিৰ্দিষ্ট নিয়োগ, অত্যাৱশ্যকীয় সঁজুলি, ঔষধ, প্ৰশিক্ষিত জৰুৰীকালীন চিকিৎসা কাৰিকৰী, সংক্ৰমণ নিয়ন্ত্ৰণ, বাহন ৰক্ষণাবেক্ষণ, গুণগত মান নিৰীক্ষণ, আৰু অভিযোগৰ সমাধান আদি অন্তৰ্ভুক্ত।
সমগ্ৰ দেশতে এম্বুলেন্স সেৱাৰ মান আৰু সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰে সকলো এম্বুলেন্সে এআইএছ-১২৫ মানদণ্ড মানি চলাৰ ব্যৱস্থা কৰিছে।
গাইডলাইনত সংহত কমাণ্ড এণ্ড ডিস্পেচ চেণ্টাৰ স্থাপনৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। এই কেন্দ্ৰসমূহত জিপিএছ ভিত্তিক এম্বুলেন্স ট্ৰেকিং, ডিজিটেল কল মেনেজমেণ্ট, স্মাৰ্ট ডিস্পেচ চিষ্টেম, আৰু ৰিয়েল টাইম মনিটৰিং ডেচব’ৰ্ড থাকিব। দেশৰ ঐক্যবদ্ধ জৰুৰীকালীন নম্বৰ ১১২ৰ সৈতে ক্ৰমান্বয়ে এম্বুলেন্স সেৱা একত্ৰিত কৰাৰ পৰিকল্পনাও কৰা হৈছে।
নতুন ব্যৱস্থাটোৱে চিকিৎসালয়, আঘাত কেন্দ্ৰ, এম্বুলেন্স ষ্টেচন, দুৰ্ঘটনাৰ প্ৰৱণ অঞ্চল, আৰু উপলব্ধ বিচনাৰ তথ্য প্ৰদান কৰিবলৈ জিআইএছ (ভৌগোলিক তথ্য ব্যৱস্থা) ভিত্তিক মেপিং ব্যৱহাৰ কৰিব। ইয়াৰ দ্বাৰা ৰোগীক নিকটতম আৰু উপযুক্ত চিকিৎসালয়লৈ দ্ৰুতভাৱে পৰিবহণ কৰিব পৰা যাব আৰু জৰুৰীকালীন সঁহাৰিৰ সময়ো হ্ৰাস পাব।
গাইডলাইনত এম্বুলেন্সৰ বৈজ্ঞানিক নিয়োগৰো পৰামৰ্শ দিয়া হৈছে। ইয়াৰ দ্বাৰা জৰুৰীকালীন কল, দুৰ্ঘটনাপ্ৰৱণ অঞ্চল, যাতায়ত, ভৌগোলিক অৱস্থা, আৰু জনসংখ্যাৰ তথ্য বিশ্লেষণ কৰি গ্ৰাম্য, দূৰৱৰ্তী আৰু দুৰ্গম অঞ্চলকে ধৰি সৰ্বত্ৰ জৰুৰীকালীন স্বাস্থ্যসেৱা সেৱাৰ উন্নত প্ৰৱেশ নিশ্চিত কৰা হ’ব ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া