
বাক্সা, ২৯ জুন (হি.স.)। মুছলপুৰ
৪৩ নং তামুলপুৰ সমষ্টিৰ অন্তৰ্গত সুৱনখাটা,নৱস্থি বাগানপাৰা আদি অঞ্চল পৰিভ্ৰমন কৰে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে।
মন্ত্ৰীত্ব লাভৰ পিছতেই প্ৰথমবাৰৰ বাবে স্থানীয় ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে।
স্থানীয় ৰাইজক সাক্ষাৎ কৰি অঞ্চলসমূহৰ সমস্যাৰাজিৰ ওপৰত আলোকপাত বিশ্বজিৎ দৈমাৰীৰ।
বাগানপাৰা অঞ্চলে উন্নয়ন দেখিব বুলি ঘোষনা মন্ত্ৰীগৰাকীৰ।
বাগানপাৰাৰ পৰা উত্তৰকুছিলৈ মূল পথ পুনৰ নিৰ্মান কৰা হ’ব।
দিৰিং নদীৰ ওপৰত ৰাইজে লাভ কৰিব দলং।
টুপলীয়া-বাগানপাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত স্থায়ীভাৱে নিযুক্তি প্ৰদান কৰা হ’ব চিকিৎসক,লগতে এনআৰএলৰ পৰা বাগানপাৰাত দিয়া হ’ব এম্বুলেঞ্চ সেৱা।
মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে বৃহত্তৰ বাগানপাৰা অঞ্চলৰ মূল মূল সমস্যাসমূহ অতিশীঘ্ৰে সমাধান হ’ব বুলি কয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা