
নতুন দিল্লী, ২৯ জুন (হি.স.)। কৰ্ণাটকৰ পৰা পুনৰ নিৰ্বাচিত হোৱাৰ পিছত পুনৰ ৰাজ্যসভাত বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে। সোমবাৰে ৰাজ্যসভা সচিবালয়ে জাৰি কৰা সংসদীয় বুলেটিন অনুসৰি ৰাজ্যসভাৰ সভাপতি তথা উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে ২০২৬ চনৰ ২৬ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁক সদনত বিৰোধী দলৰ নেতা হিচাপে স্বীকৃতি দিছে।
সংসদীয় বুলেটিন অনুসৰি খৰ্গেৰ পূৰ্বৰ ৰাজ্যসভাৰ কাৰ্যকাল ২৫ জুনত শেষ হয়, বিৰোধী দলপতি হিচাপে তেওঁৰ স্বীকৃতিও সমাপ্ত হয়। কৰ্ণাটকৰ পৰা ৰাজ্যসভাৰ সদস্য হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ পিছত পুনৰ নতুন কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈছে।
ইয়াৰ পূৰ্বে সোমবাৰে উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ চি.পি. ৰাধাকৃষ্ণনে সংসদ ভৱনৰ অধ্যক্ষ চেম্বাৰত ৰাজ্যসভাৰ সদস্য হিচাপে মল্লিকাৰ্জুন খৰ্গেক পদৰ শপত গ্ৰহণ কৰোৱায়। এই উপলক্ষে উপস্থিত থাকে সদনৰ নেতা তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নড্ডা, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু, ৰাজ্যসভাৰ উপ অধ্যক্ষ হৰিৱংশ, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী, সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰা, আৰু বিভিন্ন দলৰ জ্যেষ্ঠ নেতাসকল।
২০২০ চনত প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ সদস্য হোৱা ৮৩ বছৰীয়া মল্লিকাৰ্জুন খৰ্গে এতিয়া একেৰাহে দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ পৰা উচ্চ সদনলৈ নিৰ্বাচিত হৈছে।
খৰ্গেৰ ৰাজনৈতিক কেৰিয়াৰ পাঁচ দশকৰো অধিক। ১৯৭২ চনত প্ৰথমবাৰৰ বাবে কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত জয়ী হৈ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে আৰু তাৰ পিছত ৯ বাৰ বিধানসভালৈ নিৰ্বাচিত হয়। দীৰ্ঘদিনীয়া ৰাজনৈতিক জীৱনৰ সময়ছোৱাত তেওঁ কৰ্ণাটক চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হোৱাৰ লগতে বিধানসভাত বিৰোধী দলৰ নেতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
২০০৯ আৰু ২০১৪ চনত গুলবৰ্গা লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱা তেখেতে কেন্দ্ৰৰ ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স (ইউ পি এ) চৰকাৰত ৰে’ল মন্ত্ৰী আৰু শ্ৰম আৰু নিয়োগ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৪ চনৰ পৰা ২০১৯ চনলৈ লোকসভাত কংগ্ৰেছৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০২২ চনৰ অক্টোবৰ মাহত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত হয়।
শেহতীয়াকৈ ১০খন ৰাজ্যৰ ৰাজ্যসভাৰ ২৭খন আসনৰ বাবে হোৱা নিৰ্বাচনে উচ্চ সদনৰ ৰাজনৈতিক সমীকৰণো সলনি কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ শক্তি প্ৰায় ১৫২ লৈ বৃদ্ধি কৰাৰ বিপৰীতে বিৰোধী অল ইণ্ডিয়া এলায়েন্সৰ সদস্য সংখ্যা প্ৰায় ৬৪ জন।
ৰাজ্যসভাৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ বাবে ১৬৩ জন সদস্যৰ সমৰ্থনৰ প্ৰয়োজন। উচচ সদনত বিজু জনতা দলৰ ৫ জন আৰু ৱাই এছ আৰ কংগ্ৰেছ দলৰ ৭ জন সদস্য আছে। দুয়োটা দল আনুষ্ঠানিকভাৱে কোনো জাতীয় মিত্ৰতাৰ অংশ নহয়, যদিও তেওঁলোকে বিভিন্ন বিধেয়ক আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰক সমৰ্থন আগবঢ়াই আহিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া