কণীৰ কাৰ্টনত লাখ লাখ টকাৰ মদ, পাথৰকান্দিত নৱাগত অ’চিৰ মাদক দ্ৰব্য বিৰোধী অভিযানত বিশাল সাফল্য
শ্ৰী ভূমি, ২৮ জুন (হি.স.)। কণীৰ কাৰ্টনত লাখ লাখ টকাৰ মদ পাথৰকান্দিত নৱাগত অ’চিৰ মাদক দ্ৰব্য বিৰোধী অভিযানত বিশাল সাফল্য দায়িত্ব গ্ৰহণ কৰাৰ পিছদিনাৰ পৰাই এটাৰ পিছত আনটো নিচা বিৰোধী অভিযানত দুৰ্দান্ত সাফল্য দেখুৱাই আহিছে পাথৰকান্দি থানাৰ নৱাগত অচি ব
কণীৰ কাৰ্টনত লাখ লাখ টকাৰ মদ, পাথৰকান্দিত নৱাগত অ’চিৰ মাদক দ্ৰব্য বিৰোধী অভিযানত বিশাল সাফল্য


শ্ৰী ভূমি, ২৮ জুন (হি.স.)। কণীৰ কাৰ্টনত লাখ লাখ টকাৰ মদ পাথৰকান্দিত নৱাগত অ’চিৰ মাদক দ্ৰব্য বিৰোধী অভিযানত বিশাল সাফল্য

দায়িত্ব গ্ৰহণ কৰাৰ পিছদিনাৰ পৰাই এটাৰ পিছত আনটো নিচা বিৰোধী অভিযানত দুৰ্দান্ত সাফল্য দেখুৱাই আহিছে পাথৰকান্দি থানাৰ নৱাগত অচি বিশ্বজ্যোতি দেউৰীয়ে। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত দেওবাৰে নিশা এক বৃহৎ অভিযান চলাই বিপুল পৰিমাণৰ অবৈধ মদসহ এখন গাড়ী জব্দ কৰিছে আৰক্ষীয়ে। আটক কৰা হৈছে গাড়ীৰ চালকজনক।

কালি নিশা প্ৰায় ৮ বজাত অচিৰ নেতৃত্বত পাথৰকান্দি থানাধীন মইনা এলেকাত এক আকস্মিক নাকা চেকিং বহুওৱা হয়। সেই সময়ত শ্ৰীভূমিৰ পৰা পাথৰকান্দি অভিমুখে অহা টি আৰ ০৫ এইছ ১৬৬৯ নম্বৰৰ এখন বলেৰ পিক-আপ গাড়ী সন্দেহবশত আটক কৰে আৰক্ষীয়ে।বাহিৰৰ পৰা গাড়ীখনত কণীৰ কাৰ্টন ভৰ্তি হৈ থকা যেন লাগিলেও ভিতৰত তালাচী চলাওতেই ওলাই পৰে আচল সত্য। কণীৰ কাৰ্টনৰ আঁৰত অত্যন্ত চতুৰালিৰে লুকুৱাই ৰখা হৈছিল মুঠ ৫৯টা ডাঙৰ কাৰ্টন ভৰ্তি আছিল বিভিন্ন নামী ব্ৰেণ্ডৰ অবৈধ মদেৰে। প্ৰাথমিক তদন্তত আৰক্ষীয়ে জানিব পাৰিছে যে এই বিপুল পৰিমাণৰ মদৰ চালানটো অবৈধভাৱে মিজোৰামলৈ সৰবৰাহৰ উদ্দেশ্যে নিয়া হৈছিল।

জব্দ হোৱা মদখিনিৰ বজাৰ মূল্য আনুমানিক ৫ লাখ টকাতকৈও অধিক হ’ব বুলি ধাৰণা কৰিছে আৰক্ষীয়ে। ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত বলেৰ গাড়ীখনৰ চালকজনক ইতিমধ্যে আটক কৰা হৈছে। এই চক্ৰটোৰ অন্তৰালত আরু কোন কোন জড়িত হৈ আছে আৰু এই মদৰ উৎস তথা গন্তব্যস্থান ক’ত তাৰ সন্ধান উলিয়াবলৈ ধৃত চালকজনক জেৰা আৰম্ভ কৰিছে পাথৰকান্দি থানাৰ আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande