
যোৰহাট, ২৯ জুন (হি.স.)। অবৈধ সুৰা সৰবৰাহৰ ঘাটিত পৰিণত মৰিয়নি, মৰিয়নিত কালি নিশা বৃহৎ পৰিমানৰ অবৈধ বিলাতী সুৰা জব্দ৷ মৰিয়নিৰ পৰা নাগালেণ্ড অভিমুখে গৈ থকা অবস্থাত দেবৰাপাৰ আৰক্ষীয়ে জব্দ কৰে 280 কাৰ্টুন অবৈধ বিলাতী সুৰা সহ এন এল ০৩ এ এ ৭৩৯৪ নম্বৰৰ এখন মালবাহী ট্ৰাক৷
ইটাৰ মাজত লুকুৱাই লৈ গৈছিল অবৈধ সুৰাৰ কাৰ্টুনসমূহ৷ জানিব পৰা মতে ট্ৰাকখনৰ গৰাকী মৰিয়নিৰ অনুৰাগ চৌধুৰীয়ে অবৈধ ভাৱে নাগালেণ্ডলৈ চলাইছিল প্ৰায় ১২লাখ টকাৰ সুৰাৰ সৰবৰাহ, অভিযোগ অনুসৰি দুটা দিনৰ পূৰ্বেই সুৰা ভৰ্তি ট্ৰাকখন জব্দ কৰিছিল দেবেৰাপাৰ আৰক্ষীয়ে,পিছে কি কাৰণত সুৰা ভৰ্তি বাহনখন আবকাৰী বিভাগক দুটা দিনৰ পাছতহে চমজাই দিয়া হ'ল সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ