
নতুন দিল্লী, ২৯ জুন (হি.স.)। বাংলাদেশৰ ঢাকা বিশ্ববিদ্যালয়ৰ আধুনিক ভাষা প্ৰতিষ্ঠানৰ হিন্দী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ এটা বিশেষ প্ৰতিনিধি দল অহা ২ জুলাইৰ পৰা ১০ জুলাইলৈ ভাৰত ভ্ৰমণ কৰিবলৈ ওলাইছে।
ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ (আইচিচিআৰ)ৰ ছাত্ৰ দৰ্শনাৰ্থী কাৰ্যসূচী ২০২৬–২৭ৰ অধীনত আয়োজিত এই ভ্ৰমণ বাংলাদেশৰ ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্ত আৰু আইচিচিআৰৰ যৌথ পদক্ষেপ। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে দুয়োখন চুবুৰীয়া দেশৰ মাজত ভাষিক আৰু সাংস্কৃতিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰা।
ভাৰত ভ্ৰমণৰ সময়ত বাংলাদেশী প্ৰতিনিধি দলটোৱে কেইবাজনো বিশিষ্ট ভাষাবিদ, উপাচাৰ্য আৰু আগশাৰীৰ শিক্ষানুষ্ঠানৰ মুৰব্বীৰ সৈতে সাক্ষাৎ কৰিব। ইয়াৰ ভিতৰত আছে সাহিত্য অকাডেমীৰ সম্পাদক তথা ভাৰতীয় জ্ঞানপীঠ (নতুন দিল্লী)ৰ সঞ্চালক ড০ বৰুণ গুলাতী, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ভাৰতীয় ভাষা কেন্দ্ৰৰ মুৰব্বী অধ্যাপক সুধীৰ প্ৰতাপ সিং আৰু দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাপক সুমিত্ৰা গুপ্তা। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ মুৰব্বী সুধা সিং, অধ্যাপক বশিষ্ঠ দ্বিবেদী, কেন্দ্ৰীয় হিন্দী প্ৰতিষ্ঠান (আগ্ৰা)ৰ সঞ্চালক উপস্থিত থাকিব। ইয়াৰ উপৰিও ইয়াত হিন্দী অধ্যয়ন কৰা আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ সৈতে এক বিশেষ ইন্টাৰেক্টিভ অধিবেশন অনুষ্ঠিত হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া