বিশ্বৰ মূলধনী বজাৰত দুৰ্বলতাৰ লক্ষণ, এছিয়াত মিশ্ৰিত ব্যৱসায়
নতুন দিল্লী, ২৯ জুন (হি.স.)। পশ্চিম এছিয়াৰ অহৰহ পৰিৱৰ্তিত পৰিৱেশৰ মাজতে আজি বিশ্বৰ মূলধনীজাত বজাৰসমূহে দুৰ্বলতাৰ লক্ষণ দেখা দিছে। পূৰ্বৰ অধিবেশনত আমেৰিকাৰ বজাৰসমূহ নিম্নগামীভাৱে বন্ধ হোৱাৰ বিপৰীতে ডাউ জ’নছৰ ফ্যুচাৰ বৰ্তমান সামান্য বৃদ্ধিৰ সৈতে
प्रतीकात्मक


নতুন দিল্লী, ২৯ জুন (হি.স.)। পশ্চিম এছিয়াৰ অহৰহ পৰিৱৰ্তিত পৰিৱেশৰ মাজতে আজি বিশ্বৰ মূলধনীজাত বজাৰসমূহে দুৰ্বলতাৰ লক্ষণ দেখা দিছে। পূৰ্বৰ অধিবেশনত আমেৰিকাৰ বজাৰসমূহ নিম্নগামীভাৱে বন্ধ হোৱাৰ বিপৰীতে ডাউ জ’নছৰ ফ্যুচাৰ বৰ্তমান সামান্য বৃদ্ধিৰ সৈতে ব্যৱসায় চলি আছে। একেদৰে ইউৰোপৰ বজাৰসমূহতো পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত বিক্ৰীৰ হেঁচা দেখা গৈছিল। ইফালে এছিয়াৰ বজাৰত আজি মিশ্ৰিত ব্যৱসায় দেখা গৈছে ।

সপ্তাহৰ শেষৰ ফালে আমেৰিকা আৰু ইৰাণে ইজনে সিজনক নতুন আক্ৰমণ চলোৱা আৰু যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰে। অৱশ্যে এতিয়া খবৰ আহিছে যে দুয়োখন দেশে এই আক্ৰমণ বন্ধ কৰিবলৈ সন্মত হৈছে । দুয়োখন দেশৰ মাজত চলি থকা উত্তেজনাৰ বাবে পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত আমেৰিকাৰ বজাৰত বিনিয়োগকাৰীসকল সতৰ্ক হৈ আছিল । বিনিয়োগকাৰীৰ সতৰ্কতাৰ বাবে পূৰ্বৰ অধিবেশনত ৱাল ষ্ট্ৰীটৰ সূচকাংক ৰঙা ৰঙেৰে বন্ধ হৈ পৰিছিল ।

ডাউ জ’নছ ইণ্ডাষ্ট্ৰিয়েল এভাৰেজ ০.০৯ শতাংশ হ্ৰাস পাই ৫১,৮৭৬.১১ পইণ্টত উপনীত হয় । একেদৰে এছ এণ্ড পি ৫০০ সূচকাংক ০.০৫ শতাংশ হ্ৰাস পাই ৭,৩৫৪.০২ পইণ্টত বন্ধ হয় । নাছডাক ০.২৪ শতাংশ হ্ৰাস পাই ২৫,২৯৭.৬২ত বন্ধ হয়। ডাউ জ’নছ ইণ্ডাষ্ট্ৰিয়েল এভাৰেজ (ডিজেআইপি)ৰ ফ্যুচাৰ বৰ্তমান ৫১,৯২৩.০৯ পইণ্টত ব্যৱসায় কৰা হৈছে, যিটো ০.০৯ শতাংশ বৃদ্ধি পাইছে।

পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত ইউৰোপীয় বজাৰসমূহো দুৰ্বলতাৰে বন্ধ হৈ পৰিছিল । এফ টি এছ ই সূচকাংক ০.২১ শতাংশ হ্ৰাস পাই ১০,৫০৮.০২ পইণ্টত বন্ধ হয় । চিএচি সূচকাংক ০.৫৬ শতাংশ হ্ৰাস পাই ৮,৩৮৪.৮৭ পইণ্টত বন্ধ হয় । ডিএএক্স সূচকাংকও ৩২৩.৬১ পইণ্ট বা ১.৩১ শতাংশ হ্ৰাস পাই ২৪,৬৭১.২২ পইণ্টত বন্ধ হয়।

এছিয়াৰ বজাৰত আজি মিশ্ৰিত ব্যৱসায় চলি আছে । এছিয়াৰ ৯টা বজাৰ সূচকাংকৰ ভিতৰত ছটাত সেউজীয়া সূচকত শক্তিশালী ব্যৱসায় চলি থকাৰ বিপৰীতে তিনিটাত ৰঙা সূচকত ব্যৱসায় চলি আছে । নিকেই সূচকাংক ৫৪০.৮৮ পইণ্ট বা ০.৭৮ শতাংশ হ্ৰাস পাই ৬৮,৮২০ পইণ্টত ব্যৱসায় কৰা হৈছে। একেদৰে জাকাৰ্টা কম্পোজিট সূচকাংক ০.৬৩ শতাংশ হ্ৰাস পাই ৫,৮৫৯.১৭ত উপনীত হৈছে। আজি কস্পি সূচকাংকতো যথেষ্ট হ্ৰাস পাইছে, বৰ্তমান ১৯০.৮৯ পইণ্ট বা ২.২০ শতাংশ হ্ৰাস পাই ৮,২২০.৩২ পইণ্ট হৈছে।

আনহাতে, গিফ্ট নিফটিৰ মূল্য ২৪,১০৪ পইণ্টত ব্যৱসায় কৰা হৈছে, য’ত নামমাত্ৰ লাভ হৈছে ০.০৩ শতাংশ। একেদৰে ষ্ট্ৰেইটছ টাইমছ সূচকাংক ৫,১৯৬.৫৮ পইণ্টত ব্যৱসায় কৰি আছে, য’ত সামান্য বৃদ্ধি হৈছে ০.০৯ শতাংশ। আজি হেং চেং সূচকাংকই ডাঙৰ জঁপিয়াই পৰিছে। বৰ্তমান এই সূচকাংক ৪৭২.১৪ পইণ্ট অৰ্থাৎ ২.০৮ শতাংশ জঁপিয়াই ২৩,১৪৪ পইণ্টৰ স্তৰত উপনীত হৈছে।

একেদৰে ছেট কম্পজিট সূচক য়েও আজি ভাল শক্তি দেখুৱাইছে। বৰ্তমান এই সূচকাংকই ১.৪৫ শতাংশ জঁপিয়াই ১৫৬৪.৬৬ পইণ্টৰ স্তৰত উপনীত হৈছে। ইয়াৰ উপৰিও টাইৱান ওজনযুক্ত সূচকাংক ৪৯৪.০৯ পইণ্ট অৰ্থাৎ ১.১১ শতাংশ বৃদ্ধিৰে ৪৫,০৬৫.৮৫ পইণ্টৰ স্তৰত আৰু চাংহাই কম্পোজিট সূচকাংক ০.১৭ শতাংশ বৃদ্ধিৰে ৪,০৩৪.০৮ পইণ্টৰ স্তৰত ব্যৱসায় কৰি আছে।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande