ধুবুৰী জিলাৰ বন্দিহানাৰ দুগৰাকী কন্যাৰ মৃত্যু
ধুবুৰী, ২৯ জুন (হি.স.)। ধুবুৰী জিলাৰ বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত শালমাৰা গাঁৱত কালি আবিলে অঞ্চলৰ এটা পুখুৰীত পৰি দুগৰাকী কন্যাৰ কৰুণ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।
ধুবুৰী জিলাৰ বন্দিহানাৰ দুগৰাকী কন্যাৰ মৃত্যু


ধুবুৰী, ২৯ জুন (হি.স.)। ধুবুৰী জিলাৰ বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত শালমাৰা গাঁৱত কালি আবিলে অঞ্চলৰ এটা পুখুৰীত পৰি দুগৰাকী কন্যাৰ কৰুণ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। ঘটনাৰ পিছতে স্থানীয় লোকে দুয়োগৰাকী কন্যাক পুখুৰীৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে তেওঁলোকক মৃত্যু বুলি ঘোষণা কৰে।ঘটনাৰ খবৰ পাই বন্দিহানা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande