
বঙাইগাঁও, ২৯ জুন (হি.স.)। অভয়াপুৰীৰ কৈমাৰীত কালি বিয়লি পেট্ৰল-ডিজেলৰ টেংকাৰ দুৰ্ঘটনাগ্ৰস্থ হয়। সুৰামত্ত চালকে নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত কৰে দুৰ্ঘটনা । দুৰ্ঘটনাগ্ৰস্থ টেংকাৰ খনৰ নম্বৰ ডব্লিউ বি ৭৩এফ ০২৫১ কথমপি প্ৰান ৰক্ষা পৰে টেংকাৰৰ চালক জনৰ । স্থানীয় লোকৰ তৎপৰতাত চিকিৎসালয়ত ভৰ্তি চালক জনক ।
কি কাৰণে সঘনাই কৈমাৰী আঞ্চলৰ গাঁৱৰ পথেৰে টেংকাৰ সমুহ অহা-যোৱা কৰে সেয়া ৰহস্য । সাম্ভাব্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু উত্তৰ শালমাৰা আৰক্ষীৰ দল উপস্থিত ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ