
ধেমাজী, ২৯ জুন (হি.স.)। গোগামুখত বান পৰিস্হিতিৰ অপৰিবৰ্তিত হৈ আছে ।
চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত প্ৰৱল বৃষ্টিপাতৰ ফলত চেনীয়া নদীৰ জলপৃষ্ঠ বৃদ্ধি । গোগামুখৰ কৌপাতনি আৰু শালমাৰিলৈ পথ যোগাযোগ বিচ্ছিন্ন।
ক'জৱেৰ ওপৰেৰে পানী বাগৰাৰ পিছতে প্ৰায় ৮ খনকৈ গাঁও বানৰ কবলত।
নষ্ট হাজাৰ হাজাৰ বিঘা কৃষি ভূমি। তিনিবছৰ পূৰ্বে বান নিয়ন্ত্ৰণৰ বাবে গাইড বান্ধ নিৰ্মাণ কৰা হৈছিল যদিও ঠিকাদাৰে নিম্ন মানদণ্ডৰ কামৰ বাবে নিৰ্মাণৰ ৬ মাহ নহওতেই ভাগি পৰে বান্ধটো।ফলত তিনি বছৰ ধৰি বাৰিষাত বানৰ কবলত পৰিব লগা হয়।
গোগামুখ ৰাজহ চক্ৰ অন্তৰ্গত শালমাৰি,কদমগুৰি,শালমাৰি মাজ গাঁও, শালমাৰি মিচিং গাঁৱৰ , চাউতালপুৰ আদি । এই সকল বৰ্ন্যাতৰ প্ৰতি স্থানীয় বিধায়ক তথা মন্ত্ৰী, সাংসদে খবৰ নোলোৱাত ক্ষোভ প্ৰকাশ কৰিছে।
ইফালে বান আক্ৰান্ত অঞ্চলত প্ৰশাসনে বান সাহায্য প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা