
নলবাৰী, ২৯ জুন (হি.স.)। মুকালমুৱা বামুনবড়ীত ১৭বছৰিয়া মুকবধিৰ কিশোৰীৰ পুখুৰীত পৰি সন্ধানহীন। পুখুৰীত সলিল সমাধি ঘটা বুলি আশংকা কৰা হৈছে ।সন্ধানহীন কিশোৰী গৰাকীক এছ ডি আৰ এফ বাহিনীয়ে প্ৰায় ২ ঘন্টা ধৰি উদ্ধাৰ অভিযান চলাই থাকোতে বায়ু পৰিবাহী পাইপ ফাতি যোৱাত স্থগিত ৰাখে উদ্ধাৰ অভিযান। পুনৰ পুৱা উদ্ধাৰ অভিযান চলাব বুলি জানিব দিয়ে এছ ডি আৰ এফ বাহিনীয়ে।
জানিব পৰা অনুসৰি পুৰ্বতেও কিশোৰী গৰাকীয়ে মোমায়েকৰ ঘৰত পানীত জপিয়াইছিল যদিও মোমায়েকৰ ঘৰৰ মানুহে দেখা পোৱাত তৎকালীন ভাৱে উদ্ধাৰ কৰিছিল ।পুনৰ কালি সন্ধিয়াৰ ভাগত ভাতৃৰ লগত পুখুৰীলৈ গৈছিল যদিও ভাতৃক খেদি পঠিয়াই তাৰ পাছতে সন্ধানহীন হয় কিশোৰী গৰাকী। পুখুৰীৰ পাৰত চেন্দেল দেখা পোৱাত পৰিয়াললোকে পুখুৰীত জপিওৱাৰ সন্দেহ কৰে ছোৱালীজনি।মানসিক ভাৱে অসুস্থ।আছিল কিশোৰীজনী।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ