
নতুন দিল্লী, ২৯ জুন (হি.স.)। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত প্ৰতিৰক্ষা বিনিয়োগ অনুষ্ঠান ২০২৬ (দ্বিতীয় পৰ্যায়)ত সশস্ত্ৰ বাহিনী আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ ১০৫ জন বিষয়া-কৰ্মীক বিশিষ্ট সেৱাৰ পদক প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এই বঁটাসমূহৰ ভিতৰত আছে ৭টা সৰ্বোত্তম যুধ সেৱা পদক, ৩০টা পৰম বিষিষ্ঠ সেৱা পদক, ১২টা উত্তম যুধ সেৱা পদক আৰু ৫৬টা অতি বিশিষ্ট সেৱা পদক।
ৰাষ্ট্ৰপতিয়ে এই সজ্জাৰে সামৰিক বিষয়া আৰু কৰ্মীসকলক সন্মান জনায় যিয়ে ব্যতিক্ৰমী নেতৃত্ব, অসাধাৰণ পেছাদাৰী দক্ষতা, আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু প্ৰতিৰক্ষা সেৱাত বিশিষ্ট সেৱা প্ৰদৰ্শন কৰে।
সৰ্বোত্তম যুদ্ধ সেৱা পদক লাভ কৰাসকলৰ ভিতৰত আছে লেফটেনেণ্ট জেনেৰেল প্ৰতীক শৰ্মা, এয়াৰ মাৰ্শ্বাল নাগেশ কাপুৰ, লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই, এয়াৰ মাৰ্শ্বাল অভধেশ কুমাৰ ভাৰতী, অৱসৰপ্ৰাপ্ত ভাইচ এডমিৰেল সঞ্জয় জছজিৎ সিং, অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল নৰ্মদেশ্বৰ তিৱাৰী, অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল জিতেন্দ্ৰ মিশ্ৰ।
৩০ গৰাকী জ্যেষ্ঠ বিষয়াক পৰম বিশিষ্ট সেৱা পদক প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত এডমিৰেল (তেতিয়াৰ ভাইচ এডমিৰেল) কৃষ্ণ স্বামীনাথন, লেফটেনেণ্ট জেনেৰেল মঞ্জিন্দৰ সিং, এয়াৰ মাৰ্শ্বাল আশুতোষ দীক্ষিত, এয়াৰ মাৰ্শ্বাল তেজিন্দৰ সিং, এয়াৰ মাৰ্শ্বাল ছিথেপল্লী শ্ৰীনিবাস, আৰু সেনা, নৌসেনা, আৰু বায়ুসেনাৰ আন কেইবাজনো জ্যেষ্ঠ বিষয়া।
১২ গৰাকী বিষয়াক উত্তম যুদ্ধ সেৱা পদক প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত লেফটেনেণ্ট জেনেৰেল ধীৰাজ ছেঠ, এয়াৰ মাৰ্শ্বাল মনীষ খান্না, লেফটেনেণ্ট জেনেৰেল প্ৰশান্ত শ্ৰীবাস্তৱ, লেফটেনেণ্ট জেনেৰেল ৰাজন শাৰৱত, লেফটেনেণ্ট জেনেৰেল অভিজিৎ এছ পেন্ধৰকাৰ, লেফটেনেণ্ট জেনেৰেল গম্ভীৰ সিং, লেফটেনেণ্ট জেনেৰেল প্ৰসন্ন কিশোৰ মিশ্ৰ, ভাইচ এডমিৰেল তৰুণ সবতী, এয়াৰ মাৰ্শ্বাল প্ৰবীণ কেশৱ ভোহৰা, এয়াৰ কমোডৰ অজয় কুমাৰ চৌধুৰী, এয়াৰ কমোডৰ প্ৰভাত মালিক, আৰু গ্ৰুপ কেপ্তেইন কামৰাণ নাজিৰ।
অতি বিশিষ্ট সেৱা পদক ৫৬ গৰাকী বিষয়া-কৰ্মীক প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত এয়াৰ মাৰ্শ্বাল তৰুণ চৌধুৰী, লেফটেনেণ্ট জেনেৰেল নীৰজ বাৰ্ষনী, লেফটেনেণ্ট জেনেৰেল বিকাশ ৰোহেলা, লেফটেনেণ্ট জেনেৰেল হাৰবিন্দৰ সিং ভান্দ্ৰা, নৌসেনা আৰু বায়ুসেনাৰ কেইবাজনো জ্যেষ্ঠ বিষয়া, ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ অতিৰিক্ত সঞ্চালক প্ৰধান ডনি মাইকেল আৰু সেনাৰ সুবেদাৰ এইচ হোকাটো ছেমা।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া