বটদ্ৰবা থানৰ পৰা নগাঁৱলৈ যোৱা গড়কাপ্তানি পথৰ দুয়োকাষে কৃষ্ণচূড়া, ৰাধাচুড়া, এজাৰ, সোনাৰু কাঞ্চন, নাহৰ গছৰ পুলি ৰোপণ
নগাঁও, ২৯ জুন (হি.স.)। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ পৰা নগাঁও চহৰ সংযোগী ৰাজআলিৰ দুয়োকাষে গছপুলি ৰোপনৰ জৰিয়তে সুন্দৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। খাগৰিজান উন্নয়ন খণ্ডৰ উদ্যোগত বটদ্
বটদ্ৰবা থানৰ পৰা নগাঁৱলৈ যোৱা গড়কাপ্তানি পথৰ দুয়োকাষে কৃষ্ণচূড়া, ৰাধাচুড়া, এজাৰ, সোনাৰু কাঞ্চন, নাহৰ গছৰ পুলি ৰোপণ


নগাঁও, ২৯ জুন (হি.স.)। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ পৰা নগাঁও চহৰ সংযোগী ৰাজআলিৰ দুয়োকাষে গছপুলি ৰোপনৰ জৰিয়তে সুন্দৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

খাগৰিজান উন্নয়ন খণ্ডৰ উদ্যোগত বটদ্ৰবা থানৰ পৰা নগাঁৱলৈ যোৱা গড়কাপ্তানি পথৰ দুয়োকাষে কৃষ্ণচূড়া, ৰাধাচুড়া, এজাৰ, সোনাৰু কাঞ্চন, নাহৰ আদি পুলি ৰোপণৰ কাৰ্যসূচীৰ আজি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে নগাঁও বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। বৃক্ষ ৰোপণ কাৰ্যসূচীৰ পূৰ্বে শান্তিজান বজাৰৰ সন্মুখত অনুষ্ঠিত হয় এখনি ৰাজহুৱা সভা। সভাত গছপুলি ৰোপণৰ পাছত অঞ্চলৰ প্ৰতিগৰাকী লোকে প্ৰতিজোপা গছপুলি নিজৰ সন্তানৰ দৰে লালন পালন কৰি ভবিষ্যত প্ৰজন্মৰ বাবে সেউজী ধৰণী ধুনীয়া কৰাৰ আহ্বান জনাই বিধায়ক ৰূপক শৰ্মাই ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande