
আগৰতলা, ২৯ জুন (হি.স.)। নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত কাম কৰি আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত দুটা পৃথক অভিযানত ত্ৰিপুৰা আৰক্ষী আৰু বিমানবন্দৰ নিৰাপত্তা বাহিনীয়ে ৮ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে।
সোমবাৰে আৰক্ষী সূত্ৰই প্ৰদান কৰা তথ্য অনুসৰি প্ৰতিটো অভিযানত চাৰিজন বাংলাদেশী নাগৰিকক আটক কৰা হয়। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে এই আটাইকেইজনেই ত্ৰিপুৰা সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি গুৱাহাটীলৈ যোৱাৰ পৰিকল্পনা কৰিছিল।
ধৃত অভিযুক্তৰ পৰা কেইবাটাও মোবাইল ফোনো জব্দ কৰা হৈছে। সকলোকে আদালতত হাজিৰ কৰোৱা হয়, য’ত তেওঁলোকক অধিক সোধা-পোছাৰ বাবে তিনিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয়।
অবৈধভাৱে ভাৰতত প্ৰৱেশৰ লগত জড়িত দালালৰ নেটৱৰ্কক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই গোচৰৰ সৈতে জড়িত আন ব্যক্তিক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ বাবে তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া