ডিজিটেল ইণ্ডিয়াৰ ১১ বছৰঃ ডিজিটেলভাৱে স্বাৱলম্বী ভাৰত গঢ়াৰ দিশে এক ঐতিহাসিক অগ্রযাত্রা আৰু 'বিকশিত ভাৰত-২০৪৭'ৰ সুদৃঢ় ভেটি স্থাপন
গুৱাহাটী, ২৯ জুন (হি.স.)। ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ সফল ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিজেপি অসম প্ৰদেশৰ মুখপাত্র ড০ জাফ্রিন মেহজাবিনে কয় যে, স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত ডিজিটেল ইণ্ডিয়া হৈছে শাসন ব্যৱস্থাৰ ক্ষেত্ৰত হাতত লোৱা আটাইতকৈ গভীৰ, সুদূৰপ্ৰসা
বিজেপিৰ দলীয় পতাকা


গুৱাহাটী, ২৯ জুন (হি.স.)। ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ সফল ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিজেপি অসম প্ৰদেশৰ মুখপাত্র ড০ জাফ্রিন মেহজাবিনে কয় যে, স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত ডিজিটেল ইণ্ডিয়া হৈছে শাসন ব্যৱস্থাৰ ক্ষেত্ৰত হাতত লোৱা আটাইতকৈ গভীৰ, সুদূৰপ্ৰসাৰী আৰু ৰূপান্তৰমুখী সংস্কাৰসমূহৰ অন্যতম। ২০১৫ চনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদর্শী নেতৃত্বত আৰম্ভ হোৱা এই কার্যসূচীয়ে কেৱল চৰকাৰী সেৱাক ডিজিটেল ৰূপ দিয়াৰ সীমাতে সীমাবদ্ধ নাথাকি শাসন সংস্কাৰ, প্ৰতিষ্ঠানগত আধুনিকীকৰণ, অর্থনৈতিক পুনর্গঠন, নাগৰিক সবলীকৰণ আৰু প্ৰযুক্তিনিৰ্ভৰ উন্নয়নৰ এক বিস্তৃত ৰাষ্ট্ৰীয় দর্শনত পৰিণত হৈছে।

স্বচ্ছতা, কার্যদক্ষতা, জবাবদিহিতা আৰু অন্তর্ভুক্তিমূলক শাসনৰ নীতি ডিজিটেল পৰিকাঠামোৰ সৈতে যুক্ত কৰি ই ৰাষ্ট্ৰ আৰু নাগৰিকৰ মাজৰ সম্পৰ্কক এক নতুন উচ্চতালৈ উন্নীত কৰাৰ লগতে ভাৰতক 'ডিজিটেল পাব্লিক ইনফ্রাস্ট্রাকচাৰ'ৰ ক্ষেত্ৰত বিশ্বৰ অগ্রণী দেশ হিচাপে প্রতিষ্ঠা কৰিছে।

ড০ মেহজাবিনে উল্লেখ কৰে যে, ২০১৫ চনৰ পূৰ্বে চৰকাৰী সেৱা লাভ কৰাৰ ক্ষেত্ৰত জটিল প্রশাসনিক প্রক্রিয়া, দীঘলীয়া অপেক্ষা, কাগজভিত্তিক ব্যৱস্থা আৰু সীমিত ডিজিটেল সংযোগেই আছিল বাস্তবতা। বিগত ১১ বছৰত এই সমগ্ৰ শাসনৰ ধাৰণাই মৌলিকভাৱে ৰূপান্তৰ লাভ কৰিছে। আজিৰ ভাৰতত শাসন ব্যৱস্থা কাগজ-নিৰ্ভৰ আমোলাতান্ত্রিক ব্যৱস্থাৰ পৰা এক সমন্বিত, প্রযুক্তি-সমর্থিত আৰু নাগৰিক-কেন্দ্ৰিক ব্যৱস্থালৈ ৰূপান্তৰিত হৈছে, য'ত চৰকাৰী সেৱা অধিক দ্রুত, স্বচ্ছ, সুনিয়ন্ত্রিত আৰু ফলপ্রসূভাৱে প্ৰদান কৰা হৈছে। ডিজিটেল ইণ্ডিয়াই প্রযুক্তিক প্রতিজন নাগৰিকৰ অধিকাৰ আৰু ক্ষমতায়নৰ শক্তিশালী মাধ্যমত পৰিণত কৰিছে।

তেওঁ কয় যে, জেম ট্রিনিটি প্রধানমন্ত্রী জন-ধন যোজনা, আধাৰ আৰু মোবাইল সংযোগ-আজি ভাৰতৰ ডিজিটেল শাসন ব্যৱস্থাৰ মূল ভেটি আৰু বিশ্বৰ সৰ্ববৃহৎ আর্থিক অন্তর্ভুক্তিৰ পৰিকাঠামোত পৰিণত হৈছে। দেশত বর্তমান ৫৭.৭৮ কোটি জন ধন বেংক একাউন্ট, ১৪৪ কোটিতকৈ অধিক আধাৰ আৰু ১০৯ কোটিতকৈ অধিক ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে এক অভূতপূর্ব ডিজিটেল পৰিচয় আৰু আৰ্থিক পৰিকাঠামো গঢ়ি তুলিছে। এই ব্যৱস্থাৰ জৰিয়তে ডাইৰেক্ট বেনিফিট ট্রেন্সফাৰৰ অধীনত ৫১ লাখ কোটিতকৈ অধিক টকা ১৭৬ কোটি লেনদেনৰ জৰিয়তে পোনপটীয়াকৈ হিতাধিকাৰীৰ একাউণ্টত জমা দিয়া হৈছে। ইয়াৰ ফলত মধ্যভোগী, দুর্নীতি আৰু অপচয় উল্লেখযোগ্যভাৱে হ্রাস পাইছে আৰু ৰাজকোষীয় স্বচ্ছতা অধিক শক্তিশালী হৈছে।

ড০ মেহজাবিনে কয় যে, ডিজিটেল ইণ্ডিয়াৰ অন্যতম সর্বাধিক সফল দিশ হৈছে ভাৰতৰ ডিজিটেল লেনদেনৰ বিপ্লৱ। ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচে ২০১৬-১৭ বর্ষত মাত্র ২ কোটি লেনদেনৰ পৰা বৃদ্ধি পাই ২০২৫-২৬ বর্ষত ২৪,১৬২ কোটিতকৈ অধিক লেনদেন সম্পন্ন কৰিছে। আজি বিশ্বৰ মুঠ ৰিয়েল-টাইম ডিজিটেল লেনদেনৰ প্ৰায় ৪৯ শতাংশ লেনদেন ভাৰতত হয়। একাধিক দেশত ইউপিআইৰ বিস্তাৰে ভাৰতক কেৱল ডিজিটেল অর্থনীতিৰ অংশীদাৰ নহয়, বৰং বিশ্বৰ নতুন প্ৰজন্মৰ ফিনটেক ব্যৱস্থাৰ অন্যতম স্থপতি হিচাপে প্রতিষ্ঠা কৰিছে।

তেওঁ উল্লেখ কৰে যে, ডিজিটেল ইণ্ডিয়াই ভাৰতৰ ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰতো এক নৱযুগৰ সূচনা কৰিছে। ভাৰতনেট আঁচনিৰ জৰিয়তে দেশৰ প্রায় ২.১৫ লাখ গ্রাম পঞ্চায়ত, অর্থাৎ ৯৭ শতাংশ, প্রায় ৭ লাখ কিলোমিটাৰ অপ্টিকেল ফাইবাৰ কেবলৰ জৰিয়তে সংযুক্ত হৈছে। বর্তমান ভাৰতত ১০৬.৫৮ কোটি ব্রডবেণ্ড গ্রাহক আছে। ইয়াৰ উপৰিও ৬.৫ লাখতকৈ অধিক কমন চার্ভিছ চেণ্টাৰ আৰু ১.৬ লাখ ডিজিটেলভাৱে সক্ষম ডাকঘৰে গ্রামাঞ্চল আৰু দুর্গম অঞ্চলত বেংকিং, স্বাস্থ্য, শিক্ষা, আর্থিক অন্তর্ভুক্তি আৰু চৰকাৰী সেৱা সফলভাৱে প্ৰদান কৰি ডিজিটেল ভাৰতৰ ভিত্তি অধিক শক্তিশালী কৰিছে।

ডিজিটেল ইণ্ডিয়াই ভাৰতক ইলেট্রনিক্স উৎপাদনৰ ক্ষেত্ৰতো বিশ্বৰ অন্যতম শক্তিশালী উৎপাদন কেন্দ্রত পৰিণত কৰিছে। ২০১৪-১৫ বৰ্ষৰ ১.৯ লাখ কোটি টকাৰ ইলেট্রনিক্স উৎপাদন বৃদ্ধি পাই ২০২৬ চনৰ মাৰ্চ মাহলৈ প্রায় ১২ লাখ কোটি টকা হৈছে। ভাৰত আজি বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল ফোন উৎপাদনকাৰী দেশ। মেক ইন ইন্ডিয়া আৰু প্ৰডাকচন লিংকড ইনচেন্টিভ আঁচনিৰ সফল ৰূপায়ণেই এই অভূতপূর্ব অগ্ৰগতিৰ মূল চালিকাশক্তি।

ডিজিটেল ইণ্ডিয়াই এক সমন্বিত ডিজিটেল শাসন ব্যৱস্থা গঢ়ি তুলিছে, য'ত ডিজিলকাৰত ৭০.৬৯ কোটিতকৈ অধিক নিবন্ধিত ব্যৱহাৰকাৰী আৰু ৮৫০ কোটিতকৈ অধিক ডিজিটেল নথি-পত্ৰ সুৰক্ষিতভাৱে সংৰক্ষিত হৈছে। উমং, জিএছটিএন, ই-ক'ৰ্টছ, ই-হস্পিটেল, ই-সঞ্জীৱনী, ত্বত্ত গতি শক্তি, জিইএম, অএনডিচি আৰু 'মাই গভ'ৰ দৰে প্লেটফর্মসমূহে শাসন ব্যৱস্থাক অধিক স্বচ্ছ, সমন্বিত আৰু জনমুখী কৰি তুলিছে।

ডিজিটেল ইণ্ডিয়াই ভাৰতৰ জনস্বাস্থ্য ব্যৱস্থাকো আমূল ৰূপান্তৰিত কৰিছে। ই-সঞ্জীৱনী টেলিমেডিচিন প্লেটফর্মে ৪৮ কোটিতকৈ অধিক চিকিৎসা পৰামৰ্শ আগবঢ়াই গ্রামাঞ্চললৈ বিশেষজ্ঞ চিকিৎসা সেৱা কঢ়িয়াই লৈ গৈছে। আনহাতে, বিশ্বজুৰি প্রশংসিত ক'উইন প্লেটফর্মে ২২০ কোটিতকৈ অধিক কোভিড-১৯ টীকাকৰণ সফলভাৱে পৰিচালনা কৰি ভাৰতৰ ডিজিটেল সক্ষমতাৰ এক বিশ্বমানৰ উদাহৰণ দাঙি ধৰিছে।

যুৱ শক্তিক ৰাষ্ট্ৰ গঠনৰ মূল চালিকাশক্তি হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে 'মাই ভাৰত' প্লেটফর্মে ইতিমধ্যে ২.২১ কোটিতকৈ অধিক যুৱক-যুৱতীক সংযুক্ত কৰিছে। ১.৫২ লাখতকৈ অধিক স্বেচ্ছাসেবী সুযোগ, ২৮ হাজাৰতকৈ অধিক অভিজ্ঞতাভিত্তিক শিক্ষণ কাৰ্যসূচী আৰু ১.১৯ লাখতকৈ অধিক প্রতিষ্ঠানৰ সৈতে সংযোগ স্থাপন কৰি ই দেশৰ সর্ববৃহৎ যুৱ ডিজিটেল পৰিকাঠামো হিচাপে আত্মপ্রকাশ কৰিছে।

ডিজিটেল ইণ্ডিয়াই কৃষি, শিক্ষা আৰু মানৱ সম্পদ বিকাশতো এক নতুন অধ্যায় সূচনা কৰিছে। এগ্রীষ্টেকৰ অধীনত ৯.২ কোটিতকৈ অধিক কৃষক আইডি সৃষ্টি কৰা হৈছে। ডিকচা, স্বয়ম, পিএম ই-বিদ্যা, স্বয়ম প্রভা, আপাৰ, পিএমজিডিচা, স্কিল ইণ্ডিয়া ডিজিটেল হাব, ফিউচাৰ স্কিল প্রাইম, আৰু ইণ্ডিয়া এআই মিছনে কৃত্রিম বুদ্ধিমত্তা, ক্লাউড কম্পিউটিং, চাইবাৰ সুৰক্ষা আৰু উন্নত প্রযুক্তিৰ ক্ষেত্ৰত দক্ষ মানৱ সম্পদ গঢ়ি তুলিছে।

ডিজিটেল ইণ্ডিয়াৰ প্ৰভাৱ কেৱল শাসন ব্যৱস্থাত সীমাবদ্ধ নহয়। ই ভাৰতৰ অৰ্থনৈতিক ৰূপান্তৰৰ অন্যতম শক্তিশালী ভেটি। বর্তমান ভাৰতৰ ডিজিটেল অর্থনীতি দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) প্রায় ১২-১৪ শতাংশ অৱদান আগবঢ়াইছে আৰু আগন্তুক দশকত এই অবদান ২০ শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ২০২৪-২৫ বৰ্ষত ভাৰতৰ আইটি আৰু আইটিইএছ খণ্ডই ২৮৩ বিলিয়ন আমেৰিকান ডলাৰ আয় কৰাৰ লগতে ২,১০০তকৈ অধিক গ্ল'বেল কেপেবিলিটি চেন্টাৰে প্রায় ২৬ লাখ উচ্চ দক্ষতাসম্পন্ন পেছাজীৱীক নিয়োজিত কৰিছে।

ভাৰতৰ ডিজিটেল পাব্লিক ইনফ্রাস্ট্রাকচাৰ আজি বিশ্বব্যাপী এক আদর্শ হিচাপে স্বীকৃত। জি-২০ ৰ সভাপতিত্বকালত India Stack Global আৰু Global DPI Repository মুকলি কৰাৰ লগতে ২৪খন দেশৰ সৈতে ডিজিটেল সহযোগিতা চুক্তি সম্পন্ন কৰি ভাৰত ডিজিটেল কূটনীতিৰ ক্ষেত্ৰতো এক বিশ্বস্ত অংশীদাৰত পৰিণত হৈছে।

ডিজিটেল ইণ্ডিয়াৰ প্ৰকৃত তাৎপর্য কেরল প্রযুক্তিগত উৎকর্ষত সীমাবদ্ধ নহয়; ই সম সুযোগৰ গণতান্ত্রিকীকৰণ, প্রতিষ্ঠানগত স্বচ্ছতা আৰু নাগৰিকক উন্নয়নৰ কেন্দ্রবিন্দুত প্ৰতিষ্ঠা কৰাৰ এক শক্তিশালী ৰাষ্ট্ৰীয় ব্যৱস্থা। বিগত ৰৰ বছৰত ভাৰত কেৱল শাসন ব্যৱস্থাক ডিজিটেল ৰূপ দিয়া নাই; বৰং উদ্ভাবন, আন্তঃসংযোগ, অন্তর্ভুক্তিমূলক উন্নয়ন আৰু প্রতিষ্ঠানগত স্থিতিস্থাপকতাৰ ওপৰত ভিত্তি কৰি এক নতুন উন্নয়ন মডেল গঢ়ি তুলিছে। তেওঁ লগতে কয় যে, ডিজিটেল শাসনৰ ভবিষ্যৎক লৈ যি সময়ত বিশ্বৰ বহু দেশ এতিয়াও আলোচনা কৰি আছে, সেই সময়ত ভাৰতে আধাৰ, ইউপিআই, জিইএম, অএনডিচি, পিএম গতি শক্তি আৰু 'মাই ভাৰত'ৰ দৰে বিশ্বমানৰ ডিজিটেল প্লেটফৰ্মৰ ইতিমধ্যে ডিজিটেল শাসনৰ অন্যতম স্থপতি হিচাপে আত্মপ্রকাশ কৰিছে। দূৰদৰ্শী নেতৃত্ব আৰু জনকল্যাণমুখী নীতিৰে প্রযুক্তিয়ে কেনেদৰে সামাজিক ন্যায়, অর্থনৈতিক উৎপাদনশীলতা আৰু ৰাষ্ট্ৰীয় পুনৰুত্থানৰ শক্তিশালী মাধ্যম হ'ব পাৰে, ভাৰতে বিশ্বক সেই পথ দেখুৱাইছে।

ড০ মেহজাবিনে শেষত উল্লেখ কৰে যে, অসমতো ডিজিটেল ইণ্ডিয়াৰ সুদূৰপ্ৰসাৰী দৃষ্টিভংগী বাস্তৱ ৰূপ লাভ কৰিছে। ডিজিটেল শাসন ব্যৱস্থা আজি অসমৰ প্ৰশাসনিক সংস্কাৰ, স্বচ্ছ জনসেৱা আৰু উন্নয়নমূলক কাৰ্যসূচীৰ অন্যতম ভিত্তিত পৰিণত হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে ডিজিটেল আন্তঃগাঁথনি, ই-গভর্ণেন্স, ডিজিটেল সেৱা, উদ্যোগ, কৃষি, শিক্ষা, স্বাস্থ্য, কৃত্রিম বুদ্ধিমত্তা, ইলেট্রনিক্স উৎপাদন আৰু উদ্ভাৱনৰ ক্ষেত্ৰত দ্রুত অগ্রগতি লাভ কৰিছে। অৰুণোদয়, প্রায় ২৯ লাখ কৃষক পিএম কিষান, ৪০ লাখ মহিলাক উদ্যমিতা আঁচনি, আগন্তুক সময়ত ডিজিটেল ইণ্ডিয়া আৰু ৰাজ্য চৰকাৰৰ উন্নয়নমূলক দৃষ্টিভংগীৰ সমন্বয়ে অসমক এখন জ্ঞানভিত্তিক, উদ্ভাবনমুখী আৰু বিনিয়োগ-আকৰ্ষণকাৰী অর্থনীতিত ৰূপান্তৰিত কৰাৰ লগতে 'বিকশিত ভাৰত-২০৪৭'-ৰ সপোন বাস্তৱায়নত অসমৰ ভূমিকাক অধিক শক্তিশালী কৰি তুলিব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande