ভাৰতীয় চলচ্চিত্ৰ উদ্যোগে লাভ কৰিব এক বৃহৎ উত্থান, কেন্দ্ৰীয় চৰকাৰৰ দুটা ডাঙৰ সিদ্ধান্ত
নতুন দিল্লী, ২৯ জুন (হি.স.)। ভাৰতীয় চলচ্চিত্ৰ উদ্যোগক নতুন গতি প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে দুটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সোমবাৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্তসমূহত অনুমোদন জনোৱা
सूचना एवं प्रसारण मंत्रालय


নতুন দিল্লী, ২৯ জুন (হি.স.)। ভাৰতীয় চলচ্চিত্ৰ উদ্যোগক নতুন গতি প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে দুটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সোমবাৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্তসমূহত অনুমোদন জনোৱা হয়।

প্ৰথম সিদ্ধান্ত হ’ল ভাৰতীয় চিনেমা আৰু বিশ্ব প্ৰতিযোগিতাৰ ভৱিষ্যতৰ কথা মনত ৰাখি প্ৰসুণ যোশীৰ অধ্যক্ষতাত এক উচ্চ পৰ্যায়ৰ অধ্যয়ন গোট গঠন কৰা হৈছে। এই গোটে এআই, ভাৰ্চুৱেল প্ৰডাকচন, চলচ্চিত্ৰৰ পুঁজি, বিতৰণ, আৰু নতুন প্ৰযুক্তিৰ ব্যৱহাৰ আদি বিষয়ৰ ওপৰত পৰামৰ্শ আগবঢ়াব। তিনিমাহৰ ভিতৰত গোটটোৱে দাখিল কৰিব প্ৰতিবেদন।

সোমবাৰে জাৰি কৰা এক বিবৃতিত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে উল্লেখ কৰিছে যে দ্বিতীয় সিদ্ধান্তটো হ’ল, দেশত বিশেষকৈ সৰু চহৰ আৰু গ্ৰাম্য অঞ্চলত নতুন চিনেমা হল মুকলি কৰাৰ প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে আদৰ্শ ৰাজ্যিক চিনেমা নিয়মাৱলী প্ৰস্তুত কৰি সকলো ৰাজ্যলৈ প্ৰেৰণ কৰিছে। অনুমতি প্ৰদান প্ৰক্ৰিয়া সৰল কৰাৰ বাবে আৰু অধিক চিনেমা হল নিৰ্মাণৰ বাবে উৎসাহিত কৰিবলৈ ৰাজ্যসমূহক এই নিয়মসমূহ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰা হৈছে।

চৰকাৰে কয় যে এই দুটা পদক্ষেপে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগক শক্তিশালী কৰিব, বিনিয়োগ বৃদ্ধি কৰিব, আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ ত্বৰান্বিত কৰিব আৰু ভাৰতীয় চিনেমাই বিশ্ব মঞ্চত নিজৰ প্ৰতিযোগিতামূলক ক্ষমতা আৰু পৰিচয় আৰু অধিক শক্তিশালী কৰিবলৈ সক্ষম কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande