
বঙাইগাঁও, ২৮ জুন (হি.স.)। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ চৌটাকীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা।
পুতেকে মৰিয়াই মৰিয়াই হত্যা কৰিলে পিতৃক। নিহত
পিতৃৰ নাম নৰোত্তম নাথ (৫৭) বুলি জানিব পৰা হৈছে। ইফালে
পুত্ৰৰ নাম কমল নাথ (২৪) বুলি কোৱা হৈছে।
সুৰাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে
।
নৰোত্তম নাথে সুৰা সেৱন কৰি প্ৰতিদিনেই অত্যাচাৰ কৰিছিল বুলি প্ৰকাশ কৰে ঘৈণীয়েকে। ইয়াৰ
ফলত অতিষ্ঠ হৈ পুতেকে কালি নিশা পিতৃক কৰিছিল মাৰপিট। এই মাৰপিটৰ ঘটনাতে মৃত্য়ুমুখত পৰে নৰোত্তম নাথ। পিছত আৰক্ষীয়ে ঘটনাত অনুসন্ধান কৰি হত্য়াকাৰী পুত্ৰক আটক কৰি নিয়ে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা