পুনৰ বানৰ কবলত টিহুৰ সমিপৰ সন্ধেলী অঞ্চল
নলবাৰী, ২৮ জুন (হি.স.)। বান পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ অহাৰ পিছত পুনৰ নিশাৰ পৰা বানৰ কবলত পৰে টিহুৰ সমিপৰ সন্ধেলী-মাক্ৰাপাৰ-বৰপিট অঞ্চল । কিছুদিন পূৰ্বে নেৰানেপেৰা বৰষুণৰ ফলত টিহুৰ সমিপৰ সন্ধেলী মাক্ৰাপাৰ-বৰপিটত মৰাপাগলদিয়া নদীৰ বাঢ়নী পান
পুনৰ বানৰ কবলত টিহুৰ সমিপৰ সন্ধেলী অঞ্চল


নলবাৰী, ২৮ জুন (হি.স.)। বান পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ অহাৰ পিছত পুনৰ নিশাৰ পৰা বানৰ কবলত পৰে টিহুৰ সমিপৰ সন্ধেলী-মাক্ৰাপাৰ-বৰপিট অঞ্চল । কিছুদিন পূৰ্বে নেৰানেপেৰা বৰষুণৰ ফলত টিহুৰ সমিপৰ সন্ধেলী মাক্ৰাপাৰ-বৰপিটত মৰাপাগলদিয়া নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছিল বিস্তীৰ্ণ অঞ্চল ।

মথাউৰী মেৰামতিৰ কাম লেহেমীয়া হোৱাৰ বাবেই অঞ্চল টোৰ ৰাইজে দুৰ্ভোগ ভূগিব লগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছিল । উক্ত অঞ্চলৰ বৃহৎ অংশ মথাউৰি মেৰামতি নকৰাৰ ফলত মৰাপাগলদিয়া নদীৰ উন্মুক্ত অঞ্চলেদি হুৰাহুৰে পানী সোমাই প্লাৱিত কৰিছিল বিস্তীৰ্ণ অঞ্চল । কৃষিপ্ৰধান অঞ্চলটোৰ কৃষকৰ কঠিয়া এতিয়াও পানীৰ তলত । কিন্তু যোৱা দুদিনমান ধৰি বান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আহিছিল যদিও নিশাৰে পৰা মৰাপাগলদিয়া নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈ পুনৰ উন্মুক্ত অঞ্চলেৰে হুৰাহুৰে পানী সোমাই প্লাৱিত কৰে অঞ্চলটো । বাট পথ, খেতিপথাৰ সকলো এতিয়া পানীৰ তলত । খৰালি মাহত কিয় মথাউৰি মেৰামতিৰ কাম সম্পূৰ্ণ নকৰিলে বুলি এতিয়া প্ৰশ্ন উত্থাপন হৈছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande