
শ্ৰীভূমি, ২৮ জুন (হি.স.)। দুটাকৈ পোহনীয়া কুকুৰৰ মৃত্যুৰ শোকত কুকুৰৰ গৰাকীয়ে কৰিলে আত্মহত্যা ! নিহতৰ নাম দ্বৈপায়ন সেন ।
শ্ৰীভূমি চহৰৰ নীলমনি ৰোড়ৰ বাসিন্দা আছিল দ্বৈপায়ন । কুকুৰ মৃত্যুৰ পিছত মালিকৰ আত্মহনন ঘটনা চাঞ্চল্যৰ সৃষ্টি কৰিছে । আত্মহনন আগতে ষ্টেটাছ দিছিল মৃত্যুৰ বাবে কোনেও জগৰিয়া নহয় । দুটাকৈ পোহনীয়া জন্তুৰ মৃত্যূৰ বাবে এনে পথ বাছি লৈছে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু