তেজপুৰৰ ‘সুদৰ্শন অসম’ৰ বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন
–কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জাতীয় চেতনাবোধ আৰু সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰাসংগিকতা শীৰ্ষক বিষয়ত বক্তৃতানুষ্ঠান গীত-কবিতা-নৃত্যৰে মুখৰিত শোণিতপুৰ, ২৮ জুন (হি.স.)। সাম্প্ৰতিক সময়ৰ অসমৰ এটি আগশাৰীৰ অনুষ্ঠান ''সুদৰ্শন অসম''ৰ বিগত বৰ্ষৰ দৰে এইবাৰো
তেজপুৰৰ ‘সুদৰ্শন অসম’ৰ বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন


–কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জাতীয় চেতনাবোধ আৰু সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰাসংগিকতা শীৰ্ষক বিষয়ত বক্তৃতানুষ্ঠান

গীত-কবিতা-নৃত্যৰে মুখৰিত

শোণিতপুৰ, ২৮ জুন (হি.স.)। সাম্প্ৰতিক সময়ৰ অসমৰ এটি আগশাৰীৰ অনুষ্ঠান 'সুদৰ্শন অসম'ৰ বিগত বৰ্ষৰ দৰে এইবাৰো এক বিশেষ বক্তৃতানুষ্ঠানৰ লগতে সদস্য-সদস্যা সকলৰ গীত-মাতেৰে সম্পন্ন হয় । 'সুদৰ্শন অসম'ৰ অস্থায়ী কাৰ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত “কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জাতীয় চেতনাবোধ আৰু সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰাসংগিকতা” বিষয়ত বক্তৃতা প্ৰদান কৰে সু আবৃত্তিকাৰ কবি সাহিত্যিক ৰাতুল দাসে ৷ তেখেতে প্ৰসংগক্ৰমে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱেই, শ্ৰীশ্ৰী মাধৱ দেৱে জাতীয় ঐক্যৰ বাবে কৰা ধৰ্মীয় আৰু সাংস্কৃতিক বিপ্লৱৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মা, ড°ভূপেন হাজৰিকা, জুবিন গাৰ্গৰো জাতীয় চেতনাবোধ সমৃদ্ধ সৃষ্টিশীল কামৰ উল্লেখ কৰি বক্তৃতাটোত উজ্জ্বল নিদৰ্শন দাঙি ধৰি সকলোকে আপ্লুত কৰি তোলে ৷

'সুদৰ্শন অসম'ৰ জ্যেষ্ঠ সদস্য, প্ৰাক্তন প্ৰধান সম্পাদক, প্ৰাক্তন কাৰ্য্যকৰী সভাপতি ৰাতুল দাসৰ বিশেষ বক্তৃতা প্ৰদান অনুষ্ঠানৰ সভাখনত প্ৰধান সম্পাদক মুকুন্দ নাথদেৱে উদ্দেশ্য ব্যাখ্যা কৰে ৷

সভাখনৰ আৰম্ভণিতে অনুষ্ঠানৰ স্থায়ী সভাপতি প্ৰজ্ঞাধী ড°স্বাধীনতা মহন্ত আৰু অনুষ্ঠানৰ প্ৰধান সম্পাদক মুকুন্দ নাথদেৱে কলাগুৰুৰ প্ৰতিচ্ছবিৰ সমুখত পুষ্পাঞ্জলি প্ৰদান কৰাৰ পিচতে উপ সভাপতি ৰীমা দেৱী প্ৰমুখ্যে উপস্থিত সদস্য-সদস্যা সকলে বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ সভাখন পৰিচালনা কৰে সাহিত্য বিভাগৰ সভাপতি জনপ্ৰিয় কবি পূৱালী বৰুৱা শৰ্মাই । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত-কবিতাৰে অনুষ্ঠানৰ কণ্ঠ শিল্পীসকল,কবি আৰু আবৃত্তিকাৰ সকলে মুখৰিত কৰি তোলে ৷ তেখেত সকল ক্ৰমে উপ সভাপতি কবি ৰীমা দেৱী, প্ৰাক্তন প্ৰধান সম্পাদক তৰুণ ৰাজবংশী, কবি দিব্যজ্যোতি নাথ,কবি পূৱালী বৰুৱা শৰ্মা,সাহিত্য বিভাগৰ সম্পাদক কবি শৈলেন্দ্ৰ কুমাৰ নাথ, কবি দেৱশ্ৰী শৰ্মা, কোষাধ্যক্ষ গীতাঞ্জলী শৰ্মা, সাংস্কৃতিক বিভাগৰ সভাপতি কণ্ঠ শিল্পী প্ৰাঞ্জল শইকীয়া, সাংস্কৃতিক বিভাগৰ সম্পাদক গুৱাহাটী অনাতাঁৰ শিল্পী প্ৰণামী বৰঠাকুৰ আদি ৷

অনুষ্ঠানৰ স্থায়ী সভাপতি ড০ স্বাধীনতা মহন্তই সভাৰ সামগ্ৰিক কাৰ্য্যসূচীৰ ওপৰত সমীক্ষাত্মক আলোচনা আগবঢ়োৱাৰ লগতে এটি সুন্দৰ বক্তৃতা প্ৰদান কৰে ৷

উক্ত অনুষ্ঠানৰ বৈঠকতে 'সুদৰ্শন অসম'ৰ প্ৰস্তাৱিত আগন্তুক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ বিষয়েও আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বিয়লি সভাখন জাতীয় সংগীতেৰে সমাপন কৰা হয় ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande