হাতত কঠিয়া লৈ শাওনৰ পথাৰত ভূঁই ৰোৱাত ব্যস্ত কৃষি মন্ত্ৰী পীযুষ হাজৰিকা
নগাঁও, ২৮ জুন (হি.স.)। হাতত কঠিয়া লৈ শাওনৰ পথাৰত ভূঁই ৰোৱাত ব্যস্ত কৃষি মন্ত্ৰী পীযুষ হাজৰিকা। হাতত কোৰ লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই নিজে পথাৰত ৰুলে নাৰিকলৰ পুলি। কৃষি মন্ত্ৰী দ্বায়িত্ব লাভ কৰিয়েই শীত তাপ নিয়ন্ত্ৰিত কোঠাত নাথাকি হাতত কঠিয়া লৈ ৰোৱ
হাতত কঠিয়া লৈ শাওনৰ পথাৰত ভূঁই ৰোৱাত ব্যস্ত কৃষি মন্ত্ৰী পীযুষ হাজৰিকা


হাতত কঠিয়া লৈ শাওনৰ পথাৰত ভূঁই ৰোৱাত ব্যস্ত কৃষি মন্ত্ৰী পীযুষ হাজৰিকা


নগাঁও, ২৮ জুন (হি.স.)। হাতত কঠিয়া লৈ শাওনৰ পথাৰত ভূঁই ৰোৱাত ব্যস্ত কৃষি মন্ত্ৰী পীযুষ হাজৰিকা।

হাতত কোৰ লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই নিজে পথাৰত ৰুলে নাৰিকলৰ পুলি। কৃষি মন্ত্ৰী দ্বায়িত্ব লাভ কৰিয়েই শীত তাপ নিয়ন্ত্ৰিত কোঠাত নাথাকি হাতত কঠিয়া লৈ ৰোৱনীৰ লগত শাওনৰ পথাৰত ভূঁই ৰোৱাত ব্যস্ত কৃষি মন্ত্ৰী পীয়ুষ হাজৰিকা ৷ হয়, এই দৃশ্য বঢ়মপুৰ সমষ্টিৰ বৰ কছাৰী গাঁৱৰ পথাৰৰ ৷ পাৱাৰটিলাৰে হাল বায় হাতত কঠিয়া লৈ শাওনৰ পথাৰত ভূঁই ৰোৱাত ব্যস্ত কৃষি মন্ত্ৰী পীয়ুষ হাজৰিকা ৷

লগত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ৷ নগাঁও জিলাৰ কৃষি বিভাগৰ উদ্যোগত আয়োজিত কৰা ভূই ৰোৱা অনুষ্ঠানত অংশ গ্ৰহন কৰি কৃষক সকলক কৃষিৰ প্ৰতি আগ্ৰহী কৰিবলৈ উৎসাহিত কৰে ৷ আনহাতে কৃষি বিভাগ নগাঁও আৰু কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত কন্দলী নিবুকালী অঞ্চলত কৃষকৰ সৈতে নাৰিকল পুলি ৰোপণৰ কাৰ্যসূচীতো মন্ত্ৰী পীয়ুষ হাজৰিকাই অংশগ্ৰহণ কৰে । নাৰিকল পুলি ৰোপণৰ কাৰ্যসূচীত হাতত কোৰ লৈ নিজে পুলি ৰোপণ কৰা লগতে মন্ত্ৰী গৰাকীয়ে কৃষক সকলক আগন্তুক দিনত ৫ লাখ উন্নত প্ৰজাতিৰ নাৰিকল পুলিৰ লগতে, মাকৈ বীজ যোগানৰ আশ্বাস প্ৰদান কৰে ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande