প্ৰধানমন্ত্ৰী মোডীলৈ ছেচিলছৰ 'গাৰ্ডিয়ান অৱ দ্য ব্লু হ'ৰাইজন' সন্মান
নতুন দিল্লী, ২৮ জুন (হি.স.)। ছিচেলছৰ ৰাষ্ট্ৰপতি ড০ পেট্ৰিক হাৰ্মিনিয়ে দেওবাৰে এক বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ‘গাৰ্ডিয়ান অৱ দ্য ব্লু হৰাইজন’ সন্মানেৰে সন্মানিত কৰে । সেউজ নেতৃত্ব, উন্নয়নশীল দেশসমূহৰ স্বাৰ্থ আগুৱাই নিয়াৰ প্ৰচে
प्रधानमंत्री को पर्यावरण कार्यों के लिए मिले सम्मानों को दर्शाता चार्ट


प्रधानमंत्री को सम्मान में प्राप्त पत्र


प्रधानमंत्री को सम्मानित करते सेशेल्स के राष्ट्रपति


নতুন দিল্লী, ২৮ জুন (হি.স.)। ছিচেলছৰ ৰাষ্ট্ৰপতি ড০ পেট্ৰিক হাৰ্মিনিয়ে দেওবাৰে এক বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ‘গাৰ্ডিয়ান অৱ দ্য ব্লু হৰাইজন’ সন্মানেৰে সন্মানিত কৰে ।

সেউজ নেতৃত্ব, উন্নয়নশীল দেশসমূহৰ স্বাৰ্থ আগুৱাই নিয়াৰ প্ৰচেষ্টা আৰু ‘নীলা অৰ্থনীতি’ (সাগৰীয় অৰ্থনীতি), জলবায়ু কাৰ্য্য, সামুদ্ৰিক সম্পদৰ বহনক্ষম ব্যৱস্থাপনা আৰু ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ উন্নয়নৰ আকাংক্ষাক প্ৰসাৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক এই বঁটাৰে স্বীকৃতি দিয়া হয়। এই বিশেষ সন্মান প্ৰথমবাৰৰ বাবে দিয়া হৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, পৰিবেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তন মোকাবিলা কৰাৰ প্ৰতি দায়বদ্ধ সেই সকলো দেশলৈ প্ৰধানমন্ত্ৰীয়ে এই সন্মান উৎসৰ্গা কৰে। তেওঁ জোৰ দি কয় যে যি সময়ত দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কৰ ৫০ বছৰ সম্পূৰ্ণ হৈছে, সেই সময়ত এই সন্মানে তেওঁলোকৰ বিশেষ বন্ধুত্বক আৰু অধিক শক্তিশালী কৰাত ডাঙৰ ভূমিকা পালন কৰিব।

মন্ত্ৰালয়ৰ মতে, এই সন্মানে প্ৰধানমন্ত্ৰীৰ দীৰ্ঘদিনীয়া সেউজ গ্ৰহৰ প্ৰতি থকা দায়বদ্ধতাক স্বীকৃতি দিয়ে। ইয়াৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা, মিছন লাইফ (পৰিৱেশৰ বাবে জীৱনশৈলী), ‘এক পেড় মা কে নাম’, আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স আদি অন্তৰ্ভুক্ত। ইয়াৰ পূৰ্বে তেওঁ এফ এ অ’ৰ এগ্ৰিকোলা মেডেল, ছিউল শান্তি বঁটা আৰু ৰাষ্ট্ৰসংঘৰ ‘চেম্পিয়ন অৱ দ্য আৰ্থ’ বঁটা লাভ কৰিছে।

মন্ত্ৰালয়ে কয় যে এই স্বীকৃতিয়ে ভাৰত মহাসাগৰ অঞ্চলত সামৰ্থ্য বিকাশ, পৰিৱেশ কাৰ্য্য, বহনক্ষম উন্নয়নৰ পদক্ষেপ আৰু ভাগ-বতৰা কৰা অগ্ৰাধিকাৰসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ বিশ্বাসযোগ্য অংশীদাৰ হিচাপে ভাৰতৰ ক্ৰমবৰ্ধমান ভূমিকাক গুৰুত্ব আৰোপ কৰিছে।

উল্লেখযোগ্য যে এতিয়ালৈকে ৩৪খন দেশে প্ৰধানমন্ত্ৰী মোডীক সৰ্বোচ্চ সন্মানেৰে সম্বৰ্ধনা জনাইছে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande