
নতুন দিল্লী, ২৮ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ছিচেলছৰ সৰ্বোচ্চ সন্মান ‘গাৰ্ডিয়ান অৱ দ্য ব্লু হৰাইজন’ সন্মানেৰে সন্মানিত কৰা হয়। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে কৃতজ্ঞতা ব্যক্ত কৰে।
এক্স-মেইল বাৰ্তাযোগে প্ৰধানমন্ত্ৰী মোদীয়ে ছিচেলছৰ নাগৰিক, চৰকাৰ আৰু ৰাষ্ট্ৰপতি হাৰ্মিনীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে, মই এই সন্মান বিনম্ৰভাৱে গ্ৰহণ কৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজি থকা সকলো দেশৰ বাবে উৎসৰ্গা কৰিছো আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে পৰিৱেশ সুৰক্ষাৰ বাবে তেওঁলোকৰ দায়িত্ব স্বীকাৰ কৰিছো। এয়া এক গুৰুতৰ প্ৰত্যাহ্বান যিটো আমি একেলগে মুখামুখি হ'ব লাগিব। আমাৰ ফালৰ পৰা ভাৰতে আমাৰ গ্ৰহটোক সেউজীয়া আৰু বহনক্ষম গঢ়ি তুলিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপ ল'বলৈ সাজু।
তেওঁ কয় যে আমাৰ বিভিন্ন ঘৰুৱা নীতি, ‘মিছন লাইফ’ৰ ওপৰত আমাৰ গুৰুত্ব, আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট আৰু দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁটৰ দৰে বিশ্বব্যাপী প্ৰচেষ্টাত ইয়াৰ প্ৰতিফলন ঘটিছে।
-----------------
/ Manoj Kumar Saikia