
ধেমাজি, ২৮ জুন (হি.স.)। ফেনে-ফুটুকাৰে আকৌ উফণ্ডি উঠিল জোনাইৰ দিখাৰী নৈ।
বাট-পথ, ঘৰ-দুৱাৰ আৰু বিস্তীৰ্ণ কৃষিভূমি বানৰ কৱলত।
যোৱা নিশাৰ পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত পুনৰ ফেনে-ফুটুকাৰে উফণ্ডি উঠিছে জোনাইৰ দিখাৰী নৈ। দিখাৰী নৈৰ বাঢ়নী পানীয়ে জোনাই সমজিলাৰ তেলাম পঞ্চায়তৰ চি'কেৰ, কুলিচুবা, উলুৱনি,মিছামৰা আদি কেবাখনো গাঁও প্লাৱিত কৰিছে।
বানৰ ফলত গাঁওসমূহৰ অধিকাংশ বাট-পথ, ঘৰ-দুৱাৰ আৰু বিস্তীৰ্ণ কৃষিভূমি পানীৰ তলত ডুব গৈছে। বাট-পথ আৰু ঘৰৰ চৌহদ বানৰ পানীত ডুব যোৱাত স্থানীয় ৰাইজে যাতায়াতত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱাৰ লগতে বহু পৰিয়াল গৃহবন্দী হৈ পৰিছে। তাৰোপৰি উপযুক্ত বাসস্থানৰ অভাৱত মানুহ আৰু পোহনীয়া জীৱ-জন্তুৱে একেলগে সহাৱস্থান কৰিবলৈ বাধ্য হোৱা দেখা গৈছে।
আনহাতে, সঘনাই দিখাৰী নৈৰ বানে বিস্তীৰ্ণ কৃষিভূমি প্লাৱিত কৰি থকাত খেতিপথাৰ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় কৃষক তথা ৰাইজে।
সেয়ে, স্থানীয় প্ৰশাসন আৰু জনপ্ৰতিনিধিসকলক তাৎক্ষণিক সাহায্যৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে দীৰ্ঘদিনীয়া বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে ফলপ্ৰসূ পদক্ষেপ লোৱাৰ দাবী জনাইছে গঞা ৰাইজে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা