দুলীয়াজানত নাহৰফুটুকীৰ আতংক
ডিব্ৰুগড়, ২৮ জুন (হি.স.)। দুলীয়াজানত নাহৰফুটুকীৰ আতংক । দুলীয়াজানৰ হাতীজান গাঁৱত নাহৰফুটুকীৰ মুক্ত বিচৰণ । বিশেষকৈ গাওঁখনৰ ৰুবুল হাতীবৰুৱা নামৰ এগৰাকী ব্যক্তিৰ কেইবাটাও পোহনীয়া কুকুৰ ঘৰৰ বাৰাণ্ডাৰ পৰা চোঁচৰাই নি নাহৰফুটুকীয়ে ভক্ষণ কৰা সমগ্ৰ দৃ
দুলীয়াজানত নাহৰফুটুকীৰ আতংক


ডিব্ৰুগড়, ২৮ জুন (হি.স.)। দুলীয়াজানত নাহৰফুটুকীৰ আতংক । দুলীয়াজানৰ হাতীজান গাঁৱত

নাহৰফুটুকীৰ মুক্ত বিচৰণ । বিশেষকৈ গাওঁখনৰ ৰুবুল হাতীবৰুৱা নামৰ এগৰাকী ব্যক্তিৰ কেইবাটাও পোহনীয়া কুকুৰ ঘৰৰ বাৰাণ্ডাৰ পৰা চোঁচৰাই নি নাহৰফুটুকীয়ে ভক্ষণ কৰা সমগ্ৰ দৃশ্য চি চি টিভিত আৱদ্ধ হোৱাৰ পিচতেই এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে ।

ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী লোকজনে বন বিভাগৰ লগত বাৰম্বাৰ যোগাযোগ কৰিছে যদিও বনবিভাগে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই । নাহৰফুটুকীৰ আতংকত স্থানীয় ৰাইজৰ লগতে ভুক্তভোগী ব্যক্তি গৰাকীৰ পৰিয়ালে উজাগৰে নিশা পাৰ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে । নাহৰফুটুকীৰ আতংকত সন্ধিয়া হ'লেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ঘৰৰ ভিতৰত আৱদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande