কামৰূপৰ বিহদিয়াত বিষাক্ত দ্ৰব্য মিহলি পানী খাই আক্ৰান্ত দুগৰাকী ব্যক্তি
কামৰূপ, ২৮ জুন (হি.স.)। কামৰূপৰ বিহদিয়াত অঘটন। বিষাক্ত দ্ৰব্য মিহলি পানী খাই আক্ৰান্ত দুগৰাকী ব্যক্তি। ইয়াৰে ৰমজান আলী ঘটনাস্থলীতে মৃত্যু হয়। ইয়াৰ বিপৰীতে ইছমাইল চৌধুৰী নামৰ ব্যক্তিগৰাকী গুৰুতৰভাৱে আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। পোক পৰুৱা ন
কামৰূপৰ বিহদিয়াত বিষাক্ত দ্ৰব্য মিহলি পানী খাই আক্ৰান্ত দুগৰাকী ব্যক্তি


কামৰূপ, ২৮ জুন (হি.স.)। কামৰূপৰ বিহদিয়াত অঘটন। বিষাক্ত দ্ৰব্য মিহলি পানী খাই আক্ৰান্ত দুগৰাকী ব্যক্তি। ইয়াৰে ৰমজান আলী ঘটনাস্থলীতে মৃত্যু হয়। ইয়াৰ বিপৰীতে ইছমাইল চৌধুৰী নামৰ ব্যক্তিগৰাকী গুৰুতৰভাৱে আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

পোক পৰুৱা নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যৱহাৰ কৰা কোনো বিষাক্ত দ্ৰব্য ভুলবশতঃ সেৱন কৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।কি পৰিস্থিতিত দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ব্যক্তি দু গৰাকীয়ে বিষাক্ত দ্ৰব্য মিহলি পানী সেৱন কৰিলে সেই লৈ তদন্ত আৰম্ভ কৰিছে বাইহাটা চাৰিআলি আৰক্ষীয়ে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande