
নগাঁও, ২৮ জুন (হি.স.)। নগাঁও জিলাত অব্যাহত অবৈধ গো-হত্যাৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান। নগাঁও জিলাৰ বৰভেটিৰ পৰা এজনক আটক লগতে ১১ কেজি গো-মাংস জব্দ।
হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিজু বড়োৰ নেতৃত্বত আৰক্ষীৰ দলে বৰভেটি গাঁৱৰ মুজাইড হুছেইনৰ বাসগৃহত অভিযান চলায়।
অভিযানত আৰক্ষীয়ে বৰভেটিত এখন ঘৰৰ চৌহদত গো মাংস কাটি থকা অৱস্থাত ১১ কিলো গো মাংস উদ্ধাৰ কৰে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এই স্থানত প্ৰতিক সপ্তাহত গো মাংসৰ ব্যৱসায় চলাই গৈছে বুলি জানিব দিয়ে।
গোপন সূত্ৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই হাতে লুটে মুজাইড হুচেইনৰ হাতৰ পৰা গো মাংস সমূহ উদ্ধাৰ কৰি পৰীক্ষা বাবে প্ৰেৰণ কৰে৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু