
বাক্সা, ২৮ জুন (হি.স.)। বাক্সা জিলাৰ দিৰিংগাপুৰত নিশা লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। নিজ মাতৃৰ দাৰ ঘাপত প্ৰাণ গ’ল পাচবছৰীয়া পুত্ৰৰ।
শুনিলেই গাৰ নোম শিয়ৰী উঠা কাণ্ড সংঘটিত কৰিলে নিজ মাতৃয়ে। নিজ পুত্ৰৰ ডিঙি কাটি পাষাণ মাতৃয়ে কৰিলে হত্যা।
মাতৃৰ নাম নেউচি বড়ো। মৃত পুত্ৰৰ নাম ৰণবীৰ সিং বড়ো ।
ইতিমধ্যে বাক্সা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী মাতৃক আটক কৰিছে।
পৰিয়ালৰ লোকে জানিব দিয়া মতে,মাতৃ গৰাকী মানসিক ৰেগত আক্ৰান্ত।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু