

নতুন দিল্লী, ২৮ জুন (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে ‘মেড ইন ইণ্ডিয়া’ কেৱল এটা সামগ্ৰীৰ লেবেল নহয়, বৰঞ্চ ভাৰতৰ সুনাম আৰু গুণগত মানৰ প্ৰতি দায়বদ্ধতাৰ প্ৰতীক। গুণগত মান কেৱল কোম্পানী এটাৰ কাম-কাজৰ পৰিমাপ নহয়, দেশৰ প্ৰতি ৰাষ্ট্ৰীয় দায়িত্বও।
তামিলনাডুৰ আম্বুৰত অৱস্থিত ফ্ল’ৰেন্স শ্বু কোম্পানীৰ প্ৰতিষ্ঠাপক আকিল আহমেদ পানাৰুনাৰ সফলতাৰ উদ্ধৃতি দি ২৭ জুনত লণ্ডনত অনুষ্ঠিত এক ব্যৱসায়িক অধিবেশনত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ কয় যে ভাৰতীয় উদ্যোগীসকলে বিশ্বমানৰ উৎপাদনৰ জৰিয়তে বিশ্বব্যাপী ‘ব্ৰেণ্ড ইণ্ডিয়া’ৰ ভাবমূর্তি সবল কৰি তুলিছে৷
তেওঁৰ ভাষণত গোৱেলে কয় যে কায়ৰো বিমানবন্দৰত এজন আন্তঃৰাষ্ট্ৰীয় গ্ৰাহকে বিলাসী ব্ৰেণ্ড হুগো বছৰ জোতা এযোৰ দেখা পাইছিল। লেবেলটো পৰীক্ষা কৰি তেওঁ গম পায় যে জোতাবোৰ আম্বুৰত অৱস্থিত ফ্ল’ৰেন্স শ্বু কোম্পানীত নিৰ্মাণ কৰা হৈছে।
তেওঁ কয়, “যেতিয়া কোনো সামগ্ৰীক ‘মেড ইন ইণ্ডিয়া’ বুলি লেবেল লগোৱা হয়, তেতিয়া ই কেৱল এটা কোম্পানীয়ে নহয়, সমগ্ৰ ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰে।” গোৱেলে লগতে কয় যে আকিলৰ দৰে উদ্যোগীসকলৰ বাবে দায়িত্ব ৰাষ্ট্ৰৰ সন্মান আৰু আস্থাৰ লগতে গুণগত ব্যৱসায়িক মানদণ্ডৰ ওপৰতো নিহিত হৈ আছে।
এক্স-পোষ্টত শ্বেয়াৰ কৰা এক বাৰ্তাত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে কয় যে পানাৰুনাই কেৱল বিশ্বৰ সন্মানীয় ব্ৰেণ্ডসমূহলৈ ভাৰতীয় কাৰুকাৰ্য্য কঢ়িয়াই অনাই নহয়, গ্ৰাম্য অঞ্চলতো উল্লেখযোগ্য কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে। উৎপাদনত মহিলাসকলক সবলীকৰণ আৰু শূন্য তৰল নিৰ্গমনৰ দৰে পৰিৱেশ অনুকূল প্ৰযুক্তি গ্ৰহণৰ ক্ষেত্ৰতো তেওঁলোকে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।
গোৱেলে আৰু লিখিছে, “লণ্ডনত ভাৰতীয় সম্প্ৰদায় আৰু ব্যৱসায়িক সমাজৰ সদস্যসকলক এক সুন্দৰ সন্ধিয়া সাক্ষাৎ কৰা হৈছিল। ভাৰত আৰু ব্ৰিটেইনৰ মাজত এক সজীৱ সেতু হিচাপে ভাৰতীয় সম্প্ৰদায়ৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে ক’লোঁ, অৰ্থনৈতিক, সাংস্কৃতিক, আৰু জনসাধাৰণৰ সম্পৰ্ক শক্তিশালী কৰা। লগতে ভাৰত-ব্ৰিটেইনৰ চিইটিএয়ে উপস্থাপন কৰা সুযোগসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰিলোঁ, যিটো ২০২৬ চনৰ ১৫ জুলাইৰ পৰা কাৰ্যকৰী হ’ব।” ইয়াৰ ফলত বাণিজ্য, বিনিয়োগ, আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা আৰু অধিক গভীৰ হ’ব, যিয়ে দুয়োখন দেশৰ ভাগ-বতৰা সমৃদ্ধিত অৰিহণা যোগাব।
মন কৰিবলগীয়া যে পীয়ুষ গোৱালে ২৫ জুনৰ পৰা ২৭ জুনলৈ তিনিদিনীয়া আনুষ্ঠানিক ভ্ৰমণত ব্ৰিটেইনলৈ গৈছিল, য’ত তেওঁ ভাৰত-ব্ৰিটেইনৰ সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি (চিইটিএ) ৰূপায়ণৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰিছিল। ১৫ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই চুক্তি। এই চুক্তিৰ অধীনত শ্ৰম নিবিড় ভাৰতীয় সামগ্ৰী যেনে চামৰা আৰু জোতাৰে ব্ৰিটেইনৰ বজাৰত শুল্কমুক্ত প্ৰৱেশ লাভ কৰিব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ