তামুলপুৰৰ কাউৰবাহাত লাভ জেহাদৰ ঘটনা
তামুলপুৰ, ২৮ জুন (হি.স.)। তামুলপুৰৰ কাউৰবাহাত লাভ জেহাদৰ ঘটনা। প্ৰেমৰ চলনাৰে এগৰাকী হিন্দু কিশোৰীক পলুৱাই নিয়ে মকবুল আলী (৩৫) নামৰ এগৰাকী যুৱকে। যুৱতী গৰাকীৰ পৰিয়ালৰ এজাহাৰ ভিত্তিত তামুলপুৰ আৰক্ষীয়ে তদন্ত কৰি যুৱতী গৰাকীক উদ্ধাৰ কৰে ৰঙিয়াৰ এখ
তামুলপুৰৰ কাউৰবাহাত লাভ জেহাদৰ ঘটনা


তামুলপুৰ, ২৮ জুন (হি.স.)। তামুলপুৰৰ কাউৰবাহাত লাভ জেহাদৰ ঘটনা। প্ৰেমৰ চলনাৰে এগৰাকী হিন্দু কিশোৰীক পলুৱাই নিয়ে মকবুল আলী (৩৫) নামৰ এগৰাকী যুৱকে।

যুৱতী গৰাকীৰ পৰিয়ালৰ এজাহাৰ ভিত্তিত তামুলপুৰ আৰক্ষীয়ে তদন্ত কৰি যুৱতী গৰাকীক উদ্ধাৰ কৰে ৰঙিয়াৰ এখন দলঙৰ তলত। ইপিনে পলাতক হৈ থকা মকবুল আলীয়ে আত্মসমৰ্পণ কৰে তামুলপুৰ আৰক্ষী থানাত

তামুলপুৰ আৰক্ষী থানাত ১২৫/২৬ (ধাৰা ১৩৭(২)/৬৪(১) বি এন এছ আৰু পক্সো আইনৰ ধাৰা ৬)-ৰ অভিযুক্ত মকবুল আলীক আজি জেললৈ প্ৰেৰণ কৰে।

মকবুল আলীৰ ঘৰ ৰঙিয়া আৰক্ষী থানৰ অন্তৰ্গত টোটাৰকুছি গাঁওত।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande