জাগীৰোডৰ আমকটাত শ্ৰী শ্ৰী মা আঘোৰা কালী মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ

মৰিগাঁও, ২৮ জুন (হি.স.)। মৰিগাঁও জিলাৰ জাগীৰোডৰ আমকটাত আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে । সৰ্ব ভাৰতীয় অঘৰী আখৰাৰ উদ্যোগত শ্ৰী শ্ৰী মা আঘোৰা কালী মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ অনুষ্ঠিত হয় । শনিবাৰে নিশা জাগীৰোডৰ আমকটাত মা আঘোৰা কালী ধামত দেশৰ বিভিন্ন প্ৰান্তৰ সাধু সন্ত, সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত এক মাংগলিক কাৰ্যসূচীৰ মাধ্যমেৰে এই শ্ৰী শ্ৰী আঘোৰা কালী মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰে জাগীৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীয়ূষ হাজৰিকাই ।

উল্লেখযোগ্য যে মা অঘৰী কালী শক্তি পীঠ আৰু সেৱাশ্ৰমৰ এই মা কালী মন্দিৰ তথা মূর্ত্তিৰ প্রাণ প্রতিষ্ঠা অনুস্থানত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ লগতে উপস্থিত থাকে গুৰু শংকৰাচাৰ্য, ডঃ আঘোৰা গুৰু মণিকান্দন মহাৰাজ, ডিমৰীয়া সমষ্টিৰ বিধায়ক ডঃ তপন কুমাৰ দাস, শদিয়াৰ বিধায়ক বলিন চেতিয়া প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তি সকল।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar

 rajesh pande