আগৰতলা কোচিং ডিপোত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা ৩৪৫ কিলোৱাট ক্ষমতাসম্পন্ন অন-গ্ৰিড ৰুফটপ চ’লাৰ পাৱাৰ প্ল্যান্টৰ স্থাপন
গুৱাহাটী, ২৮ জুন (হি.স.)। বহনক্ষম আৰু সেউজ শক্তিৰ প্ৰচেষ্টাক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই আগৰতলা কোচিং ডিপোত ৩৪৫ কিলোৱাট ক্ষমতাসম্পন্ন অন-গ্ৰিড ৰুফটপ চ’লাৰ পাৱাৰ প্ল্যান্ট সফলতাৰে স্থাপন কৰাৰ লগতে স
আগৰতলা কোচিং ডিপোত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা ৩৪৫ কিলোৱাট ক্ষমতাসম্পন্ন অন-গ্ৰিড ৰুফটপ চ’লাৰ পাৱাৰ প্ল্যান্টৰ স্থাপন


গুৱাহাটী, ২৮ জুন (হি.স.)। বহনক্ষম আৰু সেউজ শক্তিৰ প্ৰচেষ্টাক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই আগৰতলা কোচিং ডিপোত ৩৪৫ কিলোৱাট ক্ষমতাসম্পন্ন অন-গ্ৰিড ৰুফটপ চ’লাৰ পাৱাৰ প্ল্যান্ট সফলতাৰে স্থাপন কৰাৰ লগতে সক্ৰিয় কৰিছে।

ভাৰতীয় ৰে’লৱেৰ পাৰিপাৰ্শ্বিক বহনক্ষমতা আৰু শক্তি দক্ষতাৰ প্ৰতিশ্ৰুতিৰ সৈতে সঙ্গতি ৰাখি পুনৰ নৱীকৰণযোগ্য শক্তি ব্যৱহাৰেৰে ৰুফটপৰ উপলব্ধ স্থানৰ সৰ্বোত্তম ব্যৱহাৰৰ বাবে এই প্ৰকল্প গ্ৰহণ কৰা হৈছে।

সৌৰ বিদ্যুৎ পদ্ধতিটোৱে বৰ্তমানে ব্যৱহৃত বিদ্যুতৰ অনুপাতে অধিক বিদ্যুৎ উৎপাদন কৰি আহিছে, পৰিণামস্বৰূপে এই সুবিধাটো নেট পজিটিভ এনাৰ্জীৰ উৎপাদনত পৰিণত হৈছে। দিনৰ ভাগত উৎপাদিত অতিৰিক্ত বিদ্যুৎ পুনৰ গ্ৰিডলৈ প্ৰেৰণ কৰা হৈছে, যাৰ দ্বাৰা সেউজ শক্তিৰ উৎপাদনত অৰিহণা যোগাই পৰম্পৰাগত বিদ্যুৎৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা হৈছে। এই পদক্ষেপে বিদ্যুতৰ ব্যয়ত যথেষ্ট ৰাহি কৰাৰ লগতে সৰ্বোচ্চ চাহিদাৰ সময়চোৱাত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। পৰম্পৰাগত উৎসৰ পৰা বিদ্যুৎ ব্যয় হ্ৰাস কৰাৰ উপৰিও এই প্ৰকল্পই কাৰ্বন নিৰ্গমন আৰু সামগ্ৰিক কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰাত সহায় কৰিব।

৩৪৫ কিলোৱাট ক্ষমতাসম্পন্ন অন-গ্ৰিড ৰুফটপ চ’লাৰ পাৱাৰ প্ল্যান্ট সক্ৰিয়কৰণেৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পৰিষ্কাৰ বিদ্যুতৰ সুবিধা গ্ৰহণ কৰাৰ লগতে পৰিৱেশ অনুকূল আন্তঃগাঁথনি বিকশিত কৰাৰ দিশত অব্যাহত প্ৰয়াসৰ এক অংশ। এনে পদক্ষেপৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰেলৱে বহনক্ষমতাৰ সম্প্ৰসাৰণ, শক্তি দক্ষতা বৃদ্ধি আৰু সেউজ ও পৰিষ্কাৰ ভৱিষ্যত গঢ়ি তোলাৰ দিশত এই ৰেলৱে ৰাষ্ট্ৰীয় লক্ষ্য অৰ্জনৰ সৈতে সদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ আহিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande