
গোলাঘাট, ২৮ জুন (হি.স.)। গোলাঘাট জিলাৰ বিস্তৰ্ণ অঞ্চল এতিয়া খৰাঙৰ কৱলত। পৰ্যাপ্ত বৰষুণৰ অভাৱ আৰু জলসিঞ্চনৰ অসুবিধাৰ বাবে সৰুপথাৰ সমজিলাৰ লগতে মেৰাপানীৰ সৰুপানী অঞ্চলত খৰাং সদৃশ পৰিস্থিতিৰ মাজতে কৃষকসকলৰ সমস্যা আৰু অধিক জটিল কৰি তুলিছে। ইফালে কোটি কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা জল উত্তোলন আঁচনিসমূহৰ অধিকাংশই বৰ্তমান অচল হৈ থকাৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত এই পৰিস্থিতি পৰিদৰ্শন কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ দৈয়াং কৃষক সন্থাই। জনসিঞ্চন বিভাগৰ গোলাঘাট-সৰুপথাৰ ডিভিজনৰ অধীনত মেৰাপানীৰ সৰুপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত বেনদিক পথাৰ, নৰেশপুৰ আৰু সোণালী পথাৰত দৈয়াং নদীৰ ওপৰত নিৰ্মাণ কৰা জল উত্তোলন আঁচনি সমূহৰ বৰ্তমান স্থিতি পৰিদৰ্শন কৰে সদৌ দৈয়াং কৃষক সন্থাৰ এটি প্ৰতিনিধি দলে। অঞ্চলটোত খৰাং সদৃশ পৰিৱেশৰ বাবে কৃষকসকলে আজিও কঠিয়া সিঁচিব পৰা নাই। অথচ কৃষকৰ সুবিধাৰ বাবে নিৰ্মিত কোটি টকীয়া জনসিঞ্চন আঁচনিসমূহৰ বহুতো এতিয়া অচল। বিদ্যুতৰ বিসংগতি, যন্ত্ৰপাতিৰ বিকলতা আৰু বিভাগীয় অৱহেলাৰ ফলত আঁচনিসমূহ কার্যত বগা হাতীত পৰিণত হৈছে। ইয়াৰ উপৰি অঞ্চলটোৰ আন এটা বৃহৎ জল উত্তোলন প্ৰকল্প আজি তিনি বছৰ পাৰ হ’লেও সম্পূৰ্ণ নহ’ল। ফলত বৃহত্তৰ অঞ্চলটোৰ কেইবাখনো গাঁও কৃষিৰ বাবে অতি প্ৰয়োজনীয় পানীৰ পৰা বঞ্চিত হৈ আছে। দৈয়াং কৃষক সন্থাৰ সভাপতি দেৱজিত বৰা আৰু সম্পাদক দিগন্ত শইকীয়াৰ নেতৃত্বত যোৱা দলটোৱে অচিৰেই আঁচনিসমূহ সচল কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ তথা অসম চৰকাৰক দাবী জনায়। আনহাতে কোটি কোটি টকা ব্যয় সাপেক্ষে কৃষকৰ বাবে নিৰ্মাণ কৰা জনসিঞ্চন আঁচনি সমূহৰ ব্যৰ্থতাৰ প্ৰতিবেদন কৃষক প্ৰতিনিধি দলটোৰ সন্মূখতেই দাঙি ধৰে খোদ জনসিঞ্চন বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা