
ধেমাজি, ২৮ জুন (হি.স.)। গোগামুখত বানৰ বিভীষিকা। অসম অৰুণাচল প্ৰদেশত প্ৰৱল বৃষ্টিপাতৰ ফলত যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ গোগামুখৰ কৌপাতনি আৰু শালমাৰি গাঁৱৰ পথ।
ক'জৱে'ৰ ওপৰৰে পানী বাগৰাৰ পিছতে ৮ খনকৈ গাঁও বানৰ কবলত।নষ্ট হাজাৰ হাজাৰ বিঘা কৃষি ভূমি।
তিনিবছৰ পূৰ্বে বান নিয়ন্ত্ৰণৰ বাবে গাইড বান্ধ নিৰ্মাণ কৰা হৈছিল যদিও থিকাদাৰৰ নিম্ন মানদণ্ডৰ কামৰ বাবে নিৰ্মাণৰ ৬ মাহ নহওতেই ভাগি পৰে বান্ধটো।ফলত তিনি বছৰ ধৰি বাৰিষাত বানৰ কবলত পৰিব লগা হয় গোগামুখ ৰাজহ চক্ৰ অন্তৰ্গত শালমাৰি,কদমগুৰি,শালমাৰি মাজ গাঁও,শালমাৰি মিচিং গাঁৱৰ ৰাইজ। এজাক বৰষুণ দিলেই বন্ধ হৈ পৰে উক্ত পথচোৱা।কিন্তু কোনো গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়ক,সাংসদৰ।
বানৰ ফলত নষ্ট হোৱা খেতিৰ বাবেও নৱ নিযুক্ত কৃষি মন্ত্ৰী পিযুষ হাজৰিকাৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান স্থানীয় ৰাইজৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা