বদৰপুৰ ৰে'লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা সহ আটক সৰবৰাহকাৰী
শ্ৰীভূমি, ২৮ জুন (হি.স.)। বদৰপুৰ ৰে''লৱে ষ্টেচনত নিয়মীয়া তালাচীত বৃহৎ পৰিমাণৰ গাঞ্জা সহ আটক এক সৰবৰাহকাৰী। পুনৰ এবাৰ বদৰপুৰ ৰে''লৰ জিআৰপি আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত আগৰতলা–দেওঘৰ সাপ্তাহিক এক্সপ্ৰেছ (ট্ৰেইন নং ১৫৬২৬)-ৰ পৰা প্ৰায় ১০.২৪৫ ক
বদৰপুৰ ৰে'লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা সহ আটক সৰবৰাহকাৰী


শ্ৰীভূমি, ২৮ জুন (হি.স.)। বদৰপুৰ ৰে'লৱে ষ্টেচনত নিয়মীয়া তালাচীত বৃহৎ পৰিমাণৰ গাঞ্জা সহ আটক এক সৰবৰাহকাৰী।

পুনৰ এবাৰ বদৰপুৰ ৰে'লৰ জিআৰপি আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত আগৰতলা–দেওঘৰ সাপ্তাহিক এক্সপ্ৰেছ (ট্ৰেইন নং ১৫৬২৬)-ৰ পৰা প্ৰায় ১০.২৪৫ কিলোগ্ৰাম সন্দেহজনক গাঞ্জা জব্দ কৰা হৈছে।

লগতে গঞ্জা সৰবৰাহকাৰী

এজনক আটক কৰা হ'ল।

জানিব পৰা মতে, ট্ৰেইনখনৰ ডি-৪ কোচৰ ১৭৪০৭০ নম্বৰ বগীত নিয়মীয়া তালাচী চলোৱাৰ সময়ত ৰাকেশ দাস (৩৭) নামৰ এজন যাত্ৰীৰ সৈতে থকা দুটা বেগৰ ভিতৰত সন্দেহজনক গাঞ্জা উদ্ধাৰ কৰা হয়। আটক ৰাকেশ দাস ত্ৰিপুৰা ৰাজ্যৰ সোনামুড়া আৰক্ষী থানাৰ অন্তৰ্গত ৰংগামাটি অঞ্চলৰ বাসিন্দা।

জব্দ কৰা গাঞ্জা খিনিৰ মুঠ ওজন ১০.২৪৫ কিলোগ্ৰাম বুলি বদৰপুৰ জিআৰপি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কলিতাই জানিবলৈ দিয়ে।

ঘটনাৰ পিছতে আটক ব্যক্তিজনৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে জিআৰপি আৰক্ষীয়ে।

শ্ৰীভূমিৰ পৰা সঞ্জয় দাস।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande