দেৰগাঁৱৰ ধোদাঙত যুৱকৰ মৃতদেহ উদ্ধাৰ
গোলাঘাট, ২৮ জুন (হি.স.)। দেৰগাঁৱৰ ধোদাঙত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। এখন দলঙৰ তলত যুৱকজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় এজন যুৱকে। যুৱকজনে মৃতদেহটো প্ৰত্যক্ষ কৰি হুৱা দুৱা লগাই। পিছত স্থানীয় লোকে সেই ঠাইলৈ আহে আৰু আৰক্ষীক এই সম্পৰ্কে খবৰ দিয়
দেৰগাঁৱৰ ধোদাঙত যুৱকৰ মৃতদেহ উদ্ধাৰ


গোলাঘাট, ২৮ জুন (হি.স.)। দেৰগাঁৱৰ ধোদাঙত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ।

এখন দলঙৰ তলত যুৱকজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় এজন যুৱকে। যুৱকজনে মৃতদেহটো প্ৰত্যক্ষ কৰি হুৱা দুৱা লগাই। পিছত স্থানীয় লোকে সেই ঠাইলৈ আহে আৰু আৰক্ষীক এই সম্পৰ্কে খবৰ দিয়া হয়।

খবৰ লাভ কৰা মাত্ৰই ধোদাং থানাৰ আৰক্ষী ঘটনা স্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে দেৰগাঁও সামূহিক চিকিতসালয়লৈ প্ৰেৰণ কৰে।

মৃতদেহটো নতুন চাপৰিৰ ৩১ বছৰীয়া যুৱক জয়ন্ত মুদৈৰ বুলি চিনাক্ত কৰা হৈছে। মৃতদেহৰ মুখমণ্ডলত স্পষ্ট হৈ আছে আঘাতৰ চিন। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু যুৱকজনৰ মৃত্যুৰ ৰহস্য মৰণোত্তৰ পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পিছতহে অধিক স্পষ্ট হৈ পৰিব।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande