
চিৰাং, ২৮ জুন (হি.স.)। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত হোৱা প্ৰবল বৰষুণৰ ফলত ফেনে ফটোকাৰে ওফন্দি উঠা আই নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে চিৰাং জিলাৰ বিজনী ৰাজহ চক্ৰৰ অধীনৰ কেইবাখনো গাঁও।
আই নৈৰ বাঢ়নী পানীয়ে দেওবাৰে পুৱা ২ নং শিশুবাৰী গাঁওৰ মাঠাউৰি ভাঙি পেলোৱাৰ ফলত বিজনী ৰাজহ চক্ৰৰ অধীনৰ ২ নং আৰু ৩ নং শিশুবাৰী, ১ নং আৰু ২ নং মাজৰাবাৰী গাওঁ বানপানীৰ কবলত পৰে।
গাঁও কেইখনৰ প্ৰায় ছয় সহস্ৰাধিক লোক বানৰ কবলত পৰিছে।
বানৰ কবলত পৰা লোক সকলক সাহায্য প্ৰদান কৰাৰ লগতে ২ নং শিশুবাৰী গাঁওৰ ভঙা মাঠাউৰি শীঘ্ৰে মেৰামতি কৰিবলৈ ৰাইজে চৰকাৰক দাবী জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা