
তিনিচুকীয়া, ২৮ জুন (হি.স.)। অসম আৰক্ষীয়ে চোৰাংচোৱা ভিত্তিক অভিযান চলাই নিষিদ্ধ উগ্ৰপন্থী সংগঠন ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অৱ আছাম-ইণ্ডিপেণ্ডেণ্ট (আলফা-আই)ৰ বৃহৎ সন্ত্ৰাসবাদী ষড়যন্ত্ৰ বিফল কৰিছে। দেওবাৰে তিনিচুকীয়া জিলা আৰক্ষীয়ে জনোৱা মতে, এই গোচৰত এতিয়ালৈকে মুঠ চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।
তিনিচুকীয়া আৰক্ষী অধীক্ষক মায়ংক কুমাৰে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, যোৱা ২৬ জুনত লেখাপানী থানা এলেকাৰ অন্তৰ্গত জাগুনত কেন্দ্ৰীয় সংস্থা আৰু নিৰাপত্তা বাহিনীৰ সমন্বয়ত চোৰাংচোৱা ভিত্তিক অভিযান চলাই দুজন সক্ৰিয় আলফা (আই) কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছিল। দুয়োকে স্বয়ম্ভূ দ্বিতীয় লেফটেনেণ্ট ছিয়ৰ অসম ওৰফে হিমেনজ্যোতি বৰুৱা (২৭) আৰু স্বয়ং ছেকেণ্ড লেফটেনেণ্ট মনোজ অসম ওৰফে পাপু মৰাণ (৩০) বুলি চিনাক্ত কৰা হৈছে। দুয়োজনেই ২০১৮ চনত সংগঠনটোত যোগদান কৰিছিল আৰু কেইবাটাও সন্ত্ৰাসবাদী কাণ্ডৰ সৈতে জড়িত হৈ আছে।
আৰক্ষী অধীক্ষকৰ মতে, জেৰাৰ সময়ত তেওঁলোকে তিনিচুকীয়া চহৰত সাধাৰণ নাগৰিকক লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা আৰু গ্ৰেনেড আক্ৰমণৰ পৰিকল্পনা কৰা বুলি প্ৰকাশ কৰে। আৰক্ষীয়ে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰি এই সম্ভাৱ্য আক্ৰমণ বিফল কৰে। তেওঁ কয়, আমি এই ষড়যন্ত্ৰ বিফল কৰাত সফল হৈছো। জিলাখনত কটকটীয়া নিৰাপত্তা আৰু উচ্চ পৰ্যায়ৰ সতৰ্কতা বজাই ৰখা হৈছে।
এই অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে অভিযুক্তৰ পৰা দুটা এ কে ছিৰিজৰ ৰাইফল, ১৭২ ৰাউণ্ড গুলী, দুটা গ্ৰেনেড, বেকপেক, জংঘলৰ জীৱন ৰক্ষাৰ সামগ্ৰী, খাদ্য সামগ্ৰী, ঔষধ, আৰু নগদ ধন উদ্ধাৰ কৰে।
ইয়াৰ পিছতে আৰক্ষীয়ে আন এক অভিযান চলাই পানীতোলাৰ বাসিন্দা বিতু বৰা আৰু কল্প বৰাক উগ্ৰপন্থীক লজিষ্টিক সহায় আগবঢ়োৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ মতে, বিতু বৰাৰ এ আৰ-২০এ-৫৮৯২ নম্বৰৰ চুইফট গাড়ীখন আটক কৰা কেডাৰ দুজনে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইফালে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ সহ-সাধাৰণ সম্পাদক কল্পনা বৰাৰ বিৰুদ্ধে আলফা (আই)ক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন হৈছে।
আৰক্ষী সূত্ৰৰ মতে, জেৰাৰ সময়ত দুয়োজন লোকে জব্দ কৰা গাড়ীখন আলফা (আই)ৰ জ্যেষ্ঠ কেডাৰ আইচেং আছমৰ নিৰ্দেশত ক্ৰয় কৰা বুলি স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। সমগ্ৰ তিনিচুকীয়া জিলাত আৰক্ষীয়ে নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে কথিত ষড়যন্ত্ৰ আৰু বৃহত্তৰ সমৰ্থন নেটৱৰ্কৰ লগত জড়িত আন লোকক চিনাক্ত কৰাৰ বাবে অধিক তদন্ত অব্যাহত ৰাখিছে।
উল্লেখযোগ্য যে ২৬ জুনত তিনিচুকীয়া আৰক্ষীয়ে চলোৱা চোৰাংচোৱা ভিত্তিক অভিযানত কেন্দ্ৰীয় সংস্থা আৰু নিৰাপত্তা বাহিনীৰ সহযোগত লেখাপানী থানা এলেকাৰ অন্তৰ্গত জাগুনৰ পৰা দুজন সক্ৰিয় আলফা (আই) কেডাৰক গ্ৰেপ্তাৰ কৰা হয়। দুয়োকে স্বয়ম্ভু দ্বিতীয় লেফটেনেণ্ট ছিয়ৰ অসম ওৰফে হিমেনজ্যোতি বৰুৱা (২৭) আৰু স্বয়ং ছেকেণ্ড লেফটেনেণ্ট মনোজ অসম ওৰফে পাপু মৰাণ (৩০) বুলি চিনাক্ত কৰা হৈছে। দুয়োজনেই ২০১৮ চনত আলফা (আই)ত যোগদান কৰিছিল আৰু কেইবাটাও সন্ত্ৰাসবাদী কাণ্ডৰ সৈতে জড়িত কেডাৰ আছিল।------------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ