
হায়দৰাবাদ, ২৮ জুন (হি.স.)। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ কাৰ্যবাহী সঞ্চালক অনন্ত আম্বানীয়ে দেওবাৰে অন্ধ্ৰ প্ৰদেশৰ বিশ্ববিখ্যাত তিৰুমালা শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰত প্ৰাৰ্থনা জনায়। পৰম্পৰা অনুযায়ী মুণ্ডন কৰি ভগৱান ভেংকটেশ্বৰ স্বামীৰ চৰণত চুলি (কেশ) অৰ্পণ কৰি তেওঁ নিজৰ আস্থা প্ৰকাশ কৰে।
মন্দিৰত উপস্থিত হোৱাৰ লগে লগে অনন্ত আম্বানীয়ে প্ৰথমে মুণ্ডন অনুষ্ঠান সম্পন্ন কৰে আৰু তাৰ পিছত ৰীতি অনুসৰি ভগৱান ভেংকটেশ্বৰ স্বামীক বিশেষ প্ৰাৰ্থনা কৰে। প্ৰাৰ্থনাৰ সময়ত তেওঁ দেশ আৰু সমাজৰ সুখ, সমৃদ্ধি, মংগলৰ বাবে প্ৰাৰ্থনা কৰে।
উল্লেখযোগ্য যে আম্বানী পৰিয়াল ভগৱান ভেংকটেশ্বৰ স্বামীৰ প্ৰতি গভীৰ বিশ্বাসৰ বাবে জনাজাত। পৰিয়ালৰ লোকে সঘনাই তিৰুমালা মন্দিৰলৈ গৈ প্ৰাৰ্থনা কৰিছে। যোৱা বছৰ অনন্ত আম্বানীৰ বিয়াৰ আগে আগে আৰু পিছত আম্বানী পৰিয়ালে তিৰুমালালৈ ভগৱান ভেংকটেশ্বৰ স্বামীক প্ৰাৰ্থনা কৰিবলৈ গৈছিল।
তিৰুমালা মন্দিৰ দেশৰ অন্যতম প্ৰধান তীৰ্থস্থান, দৈনিক লাখ লাখ ভক্তই ভগৱান ভেংকটেশ্বৰ স্বামীৰ দৰ্শন কৰিবলৈ উপস্থিত হয়। মুণ্ডন (কেশ সমৰ্পণ) হৈছে ইযাত ভক্তসকলে ভক্তি আৰু সমৰ্পণৰ প্ৰতীক হিচাপে কৰা এক প্ৰধান ধৰ্মীয় অনুষ্ঠান।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া