

নতুন দিল্লী, ২৭ জুন (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে কয় যে সুক্ষ্ম, ক্ষুদ্ৰ, আৰু মজলীয়া উদ্যোগ (এম এছ এম ই) ভাৰতৰ ‘উন্নত ভাৰত ২০৪৭’ৰ দিশত যাত্ৰাৰ মেৰুদণ্ড। তেওঁ জোৰ দি কয় যে দেশৰ অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।
উপ ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে শনিবাৰে নিউ দিল্লীৰ ড° আম্বেডকাৰ ইণ্টাৰনেচনেল চেণ্টাৰত আয়োজিত 'এম.এছ.এম.ই. দিৱস ২০২৬–উদ্যমী ভাৰত' অনুষ্ঠানত ভাষণ দিযঁতে এই কথা কৈছিল । তেওঁ এই অৱসৰত তেওঁৰ ভাষণত এই কথাত জোৰ দিছিল যে গুণগত মানৰ সৈতে কেতিয়াও আপোচ কৰিব নোৱাৰি ।
চি.পি. ৰাধাকৃষ্ণনে কয় যে সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ দীৰ্ঘম্যাদী সফলতাৰ বাবে উদ্ভাৱন, প্ৰযুক্তি গ্ৰহণ, আৰু নিৰন্তৰ শিক্ষণ অতি প্ৰয়োজনীয়। তেওঁ উদ্যোগীসকলক কৃত্ৰিম বুদ্ধিমত্তাক ভাবুকিৰ পৰিৱৰ্তে বৃদ্ধিৰ সুযোগ হিচাপে আকোৱালি ল’বলৈ আহ্বান জনায়।
তেওঁৰ উদ্যোগী যাত্ৰাৰ বিষয়ে শ্বেয়াৰ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে স্মৰণ কৰে যে কেনেকৈ তেওঁ পিতৃৰ আৰ্থিক সহায়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত এটা সৰু কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিছিল। তেওঁ কয় যে নিষ্ঠা, নিৰন্তৰ শিক্ষণ আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে তেওঁ ৰাজহুৱা জীৱনত প্ৰৱেশ কৰাৰ আগতে এটা বৃহৎ নিটৱেৰ ৰপ্তানি ব্যৱসায় গঢ়ি তুলিছিল। যুৱ উদ্যোগীসকলক উৎসাহিত কৰি তেওঁ তেওঁলোকক প্ৰাৰম্ভিক প্ৰত্যাহ্বানৰ দ্বাৰা নিৰুৎসাহিত নহ’বলৈ বৰঞ্চ নিজৰ নিৰ্বাচিত ক্ষেত্ৰখন আয়ত্ত কৰাত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।
এই উপলক্ষে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সমগ্ৰ ভাৰতৰ এম এছ এম ইসমূহক সবলীকৰণৰ লক্ষ্যৰে এক শৃংখলাবদ্ধ পৰিৱৰ্তনশীল ডিজিটেল প্লেটফৰ্ম, পৰ্টেল আৰু প্ৰকাশন মুকলি কৰে। ইয়াৰ ভিতৰত আছে পিএমইজিপি ২.০ পৰ্টেল, সমধান ২.০ পৰ্টেল, পিএমএছ পৰ্টেল, এমএছএমই গ্ল'বেল মাৰ্ট ২.০ পৰ্টেল, এমএছএমই পৰীক্ষণ পৰ্টেল, আৰু এমএছএমই আইডিয়া হেকাথন ৬.০।
এই অনুষ্ঠানত এম এছ এম ইৰ কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঞ্জী, এম এছ এম ইৰ ৰাজ্যিক মন্ত্ৰী শোভা কৰণ্ডলাজে, খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ অধ্যক্ষ মনোজ কুটাৰকে ধৰি মন্ত্ৰালয় আৰু ইয়াৰ সংগঠনসমূহৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। নীতি নিৰ্ধাৰক, উদ্যোগৰ নেতা, মহিলা উদ্যোগী, বিত্তীয় প্ৰতিষ্ঠান, শিক্ষাবিদ, আৰু এম এছ এম ই পৰিৱেশ তন্ত্ৰৰ অন্যান্য মূল অংশীদাৰসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ