






Assam, 27 জুন
–অভিনন্দন জ্ঞাপন অনুষ্ঠানত ৭০০ শিক্ষাৰ্থীক আছুৰ অভিনন্দন
–কোনো চৰকাৰে চৰকাৰী চাকৰিৰে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে
–এক লাখ -ডেৰ লাখ চাকৰি দিয়াটো ইতিবাচক কথা
শোণিতপুৰ, ২৭ জুন (হি.স.)। ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ ব্যাপক সালসলনিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে। লগতে অসমত কৰ্মমূখী শিক্ষাৰ প্ৰৱৰ্তন হোৱাৰো গুৰুত্ব দিছে আছুৱে। তেজপুৰত আজি আছুৰ উদ্য়োগত আয়োজিত বিশেষ অভিনন্দন অনুষ্ঠানত আছুৰ সভাপতি উৎপল শৰ্মাই এই কথা দোহাৰে। তেওঁ আক্ষেপ কৰি লগতে কয়– “যি সময়ত দেশৰ আন প্ৰান্তৰ ছাত্ৰছাত্ৰী আগবাঢ়ি গৈছে বা আধুনিক কাৰিকৰী জ্ঞান আহৰণত ব্ৰতী হৈছে, ঠিক সেই সময়ত আমাৰ অসমৰ ছাত্ৰছাত্ৰীয়ে পাঠ্যপুঁথি-ইউনিফৰ্মক লৈ আশাপালি ৰৈ থকাটো অতিকৈ দুৰ্ভাগ্যজনক ৷” তেওঁ লগতে কয় “আনসকল ছাত্ৰ -ছাত্ৰীয়ে যেতিয়া কৃত্ৰিম বুদ্ধিমত্তা, ৰব’টিকচ আদি বিষয়ত অধ্যয়ন কৰিছে দুৰ্ভাগ্যজনকভাৱে আমি অসমত এতিয়াও এজনীয়া শিক্ষকৰে ছাত্ৰ -ছাত্ৰীক পাঠদান, এটা শ্ৰেণীকোঠাত চাৰি-পাঁচটা শ্ৰেণীৰ পাঠদান কৰিবলগীয়া হৈছে৷শ্ৰেণী আৰম্ভ হোৱাৰ আগতেই ছাত্ৰ -ছাত্ৰীক পাঠ্যপুথি, ইউনিফৰ্ম যোগান ধৰাটো চৰকাৰৰ দায়িত্ব ৷ এইবাৰো ছাত্ৰ -ছাত্ৰীসলে ইতিমধ্যেই জীয়াতু ভূগীছেই ৷ ইয়াতকৈ অধিক পলম নকৰি চৰকাৰে তেওঁলোকক পাঠ্যপুথি যোগান ধৰক৷”
উল্লেখযোগ্য যে, শোণিতপুৰ জিলা ছাত্ৰ সন্হাৰ সহযোগত তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্হাই আজি তেজপুৰ জিলা পুঁথিভড়ালত আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত আছিল আছুৰ সভাপতি উৎপল শৰ্মা ৷ ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ ব্যাপক সালসলনিৰ প্ৰয়োজনীয়তা আহি পৰা বুলি উল্লেখ কৰি সদৌ অসম ছাত্ৰ সন্হাৰ সভাপতি গৰাকীয়ে কয় যে বৰ্তমানলৈকে ইয়াত কৰ্মমূখী শিক্ষাৰ প্ৰৱৰ্তন হোৱা নাই৷ৰাজ্য তথা দেশৰ উত্তৰ পূৰ্বাঞ্চল পাঁচখন বিদেশী ৰাষ্ট্ৰৰ সীমামূৰীয়া অঞ্চল বুলি উল্লেখ কৰি তেওঁ কয় যে, চীন, নেপাল, ভূটান, ম্যানমাৰ, বাংলাদেশৰ দৰে পাঁচখন বিদেশী ৰাষ্ট্ৰৰ সীমামূৰীয়া অঞ্চল পাবলৈ বিৰল ৷ তৎসত্বেও ইয়াত বৈদেশীক পৰিক্ৰমা পঢ়াৰ বাবে কোনো ব্যৱস্থা আমাৰ পাঠ্যক্ৰমত নহ’ল ৷ একেদৰে তেওঁ পাঠ্যক্ৰমত ভৌগোলিক অৰ্থনীতিও সামৰিব লাগে বুলি মন্তব্য কৰি কয় যে তেজপুৰৰ লিচু যিদৰে বিদেশৰ বজাৰত সমাদৃত হৈছে একেদৰে ইয়াত উৎপাদিত আন পাচলিৰ বাবে নতুন বজাৰ কেনেদৰে সৃষ্টি কৰিব পৰাৰ সম্ভাৱনা আছে তাৰ বাবেও এই ভৌগোলিক অৰ্থনীতিৰ আৱশ্যক বুলি মন্তব্য কৰে শৰ্মাই ৷
তেওঁ লগতে কয় যে, অসম খনিজ সম্পদৰ ক্ষেত্ৰত চহকী বুলি ইমানদিনে শুনিহে অহা হৈছে ৷ তেওঁ ৰাজ্যৰ বিশ্ববিদ্যালয় সমূহক বিশ্বাসতলৈ চৰকাৰে এইক্ষেত্ৰত নতুন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে বুলি উল্লেখ কৰি কয় যে বনজ সম্পদত চহকী অসম মূলুকত মাইনিং ৰিচাৰ্জ তথা শৈক্ষিক কেন্দ্ৰ, অৰ্থনৈতিক ভূগোলৰ জ্ঞান তথা প্ৰায় দিশত আধুনিক পৃথিবীৰে ফেৰ মাৰিব পৰাকৈ ছাত্ৰ–ছাত্ৰীক উপযুক্তকৈ গঢ় দিব পাৰিব লাগিব ৷ শৰ্মাই আৰু কয় যে, চেমি কণ্ডাক্টৰ প্ৰকল্পত তেতিয়াহে আমাৰ ছাত্ৰ-ছাত্ৰীয়ে আন ৰাজ্যৰ ছাত্ৰ -ছাত্ৰীৰ সমানে তৃতীয়-চতুৰ্থ পদ বাদ দি বাকী সমূহ পদত নিযুক্ত হ'ব পাৰিব ৷ তেতিয়াহে চৰকাৰে কৈ অহা লাখ লাখ নিবনুৱা নিযুক্তিৰ কথা সাৰ্থক হ’ব বুলিও আছুৰ সভাপতিজনে মন্তব্য কৰে ৷
তাৰোপৰি, শেহতীয়াকৈ গুৱাহাটী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ -ছাত্ৰীৰ নামভৰ্তি মাচুল বৃদ্ধি প্ৰসংগতো উদ্বিগ্নতা প্ৰকাশ এন চি ই আৰ টি ৰ নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত এছ আই আৰ সন্নিবিষ্ট কৰাতো সাংবিধানিক বিষয়ৰূপে ছাত্ৰ -ছাত্ৰীয়ে অধ্যয়ন কৰিব লাগিব বুলি শৰ্মই প্ৰকাশ কৰে৷পৰিকল্পিত ভাবে চৰকাৰ আগনাবাঢ়িলে অসমৰ বাবে নিবনুৱা সমস্যাটো ভয়াৱহ হ’ব বুলি কৈ আছু নেতাজনে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তনৰ পাছত ছাত্ৰ -ছাত্ৰী সকলে কোনবোৰ বিষয় পঢ়িলে নিযুক্তি লাভ কৰিব তাৰ বাবে প্ৰতিখন উচ্চতৰ মাধ্যমিকতে একোটা কেৰিয়াৰ কাউঞ্চিলিং চেন্টাৰ স্থাপনৰ আৱশ্যকতা আছে ৷
আছুৰ সভাপতিজনে কয় যে, পাঠ্যক্ৰমসমূহ এনেদৰে প্ৰস্তুত কৰিব লাগে যাতে যিবোৰ বিষয় পঢ়িলে ছাত্ৰ-ছাত্ৰীসকল শিক্ষিত নিবনুৱা হৈ থাকিব নালাগিব । উল্লেখ্য যে তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেৱাঞ্জন বিকাশ পাঠকৰ পৌৰোহিত্যত অনুষ্ঠিত এই অভিনন্দন জ্ঞাপন অনুষ্ঠানত ৭০০ কৃতী শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰা হয় আৰু ইয়াৰে চাৰিগৰাকী অসম অসামৰিক সেৱাত কৃতিত্বৰ পৰিচয় দিয়া শিক্ষাৰ্থীও আছে ।
উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি নিতুল বৰা ,সাংগঠনিক সম্পাদক নয়নজ্যোতি গগৈ, ৰূপজ্যোতি মেধি, জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অৰূপ তালুকদাৰ, অসম উন্নতি সভাৰ উপসভাপতি বিপুল বৰা, অসম সেনাৰ ৰাজনীশ শইকীয়া আৰু তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ হাজৰিকাকে ধৰি একাংশ বিশিষ্ট ব্যক্তি উপস্থিত থকা অভিনন্দন অনুষ্ঠানৰ পিছত সাংবাদিকৰ আগত চৰকাৰে এক লাখ বা ডেৰ লাখ চৰকাৰী চাকৰি দিয়াটো ইতিবাচক পদক্ষেপ হ'লেও ই সামগ্ৰীক সমস্যাৰ সমাধান নহয় । অসমৰ নিবনুৱা সমস্যা কেৱল চৰকাৰী চাকৰিৰে সম্ভৱ নহয় বুলি কৈ স্ব -নিয়োজন, দক্ষতা বিকাশ আদিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি মন্তব্য কৰে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ