
চেন্নাই, ২৭ জুন (হি.স.)। মুখ্যমন্ত্ৰী জোচেফ বিজয়ৰ ৰাজনৈতিক উপদেষ্টাৰ ভূমিকাক লৈ তামিলনাডুৰ ৰাজনীতিত নতুন বিতৰ্কৰ সৃষ্টি হৈছে। দ্ৰাবিড় মুনেত্ৰ কাঝাগম (ডি এম কে) ৰাজ্যসভাৰ সদস্য তথা জ্যেষ্ঠ অধিবক্তা পি.
উইলছনে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা উচ্চ পৰ্যায়ৰ চৰকাৰী বৈঠকত দুজন বেচৰকাৰী ব্যক্তিৰ উপস্থিতিয়ে গোপনীয়তাৰ শপত আৰু সাংবিধানিক নীতি-নিয়মৰ সন্দৰ্ভত গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত প্ৰকাশ কৰা এক বিবৃতিত উইলছনে দাবী কৰে যে তেওঁৰ ৰাজনৈতিক উপদেষ্টা জন আৰোগ্য স্বামী আৰু ঘনিষ্ঠ বিষ্ণু ৰেড্ডীয়ে মুখ্যমন্ত্ৰী জোচেফ বিজয়ৰ অধ্যক্ষতাত কেবিনেট বৈঠক, পৰ্যালোচনা বৈঠক আৰু অন্যান্য চৰকাৰী আলোচনাত ধাৰাবাহিকভাৱে অংশগ্ৰহণ কৰি আহিছে। তেওঁ কয় যে এই দুজন ব্যক্তিৰ চৰকাৰী মৰ্যাদা আৰু ক্ষমতা সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক তথ্য ৰাজহুৱা কৰা হোৱা নাই।
ডি এম কেৰ সাংসদগৰাকীৰ মতে, অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা জন আৰোগ্য স্বামী আৰু বিষ্ণু ৰেড্ডী দুয়োকে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সহযোগী বুলি গণ্য কৰা হয় যদিও চৰকাৰত তেওঁলোকে কি পদত আছে সেয়া স্পষ্ট নহয়। সচিবালয়ৰ মুখ্যমন্ত্রী কক্ষৰ সমীপত দুয়োকে সুকীয়াকৈ কার্যালয়ৰ ব্যৱস্থা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে৷
উইলছনে প্ৰশ্ন কৰে যে যদি ব্যক্তি দুজন চৰকাৰী কৰ্মচাৰী বা যথাযথভাৱে নিযুক্তিপ্ৰাপ্ত বিষয়া নহয়, তেন্তে তেওঁলোকক কি কৰ্তৃত্বৰ অধীনত উচ্চ পৰ্যায়ৰ বৈঠকত অন্তৰ্ভুক্ত কৰা হৈছে য’ত স্পৰ্শকাতৰ আৰু গোপনীয় চৰকাৰী নথি-পত্ৰৰ বিষয়ে আলোচনা কৰা হয়। তেওঁৰ মতে, এনে সভাত অকৰ্তৃত্বশীল ব্যক্তিৰ উপস্থিতিয়ে গোপনীয়তাৰ শপত, চৰকাৰী সেৱাৰ নিয়ম, সাংবিধানিক পদ্ধতি মানি চলাৰ সন্দৰ্ভত গুৰুতৰ উদ্বিগ্নতাৰ সৃষ্টি কৰে।
তেওঁ মুখ্যমন্ত্ৰীক চৰকাৰী সভাত তেওঁলোকক অন্তৰ্ভুক্ত কৰাৰ চৰকাৰী পদ, নিযুক্তিৰ মৰ্যাদা, আইনী ভিত্তি ৰাজহুৱা কৰিবলৈ দাবী জনায়, লগতে তেওঁলোকে কোন কৰ্তৃত্বৰ অধীনত বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰিছে সেয়াও স্পষ্ট কৰিবলৈ দাবী জনায়।
কিন্তু এই প্ৰতিবেদন লিখাৰ সময়ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় বা তামিলনাডু চৰকাৰৰ পৰা কোনো আনুষ্ঠানিক সঁহাৰি আগন্তুক নাছিল।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ