ইউক্ৰেইনৰ ৰাজধানী কিয়েভকে ধৰি কেইবাটাও স্থানত ৰাছিয়াৰ বিমান আক্ৰমণ, ১০ জন লোকৰ মৃত্যু, ১০০ জন আহত
কিয়েভ (ইউক্ৰেইন), ০২ জুন (হি.স.)। ৰাছিয়াই সোমবাৰে নিশাৰ পৰা মঙলবাৰে পুৱালৈকে ইউক্ৰেইনৰ ৰাজধানী কিয়ভ আৰু দেশৰ অন্যান্য অঞ্চলত ব্যাপক বিমান আক্ৰমণ চলায়। এই আক্ৰমণত কমেও ১০ জন লোক নিহত হোৱাৰ লগতে ১০০ৰো অধিক লোক আহত হয়। কিয়েভত ৪ জন আৰু মধ্য চহৰ ড
2cdf54e8589b26a46241a9d715b3494c_1373579725.jpg


কিয়েভ (ইউক্ৰেইন), ০২ জুন (হি.স.)। ৰাছিয়াই সোমবাৰে নিশাৰ পৰা মঙলবাৰে পুৱালৈকে ইউক্ৰেইনৰ ৰাজধানী কিয়ভ আৰু দেশৰ অন্যান্য অঞ্চলত ব্যাপক বিমান আক্ৰমণ চলায়। এই আক্ৰমণত কমেও ১০ জন লোক নিহত হোৱাৰ লগতে ১০০ৰো অধিক লোক আহত হয়। কিয়েভত ৪ জন আৰু মধ্য চহৰ ড্নিপ্ৰ’ত ৬ জন লোক নিহত হয়। ৰাছিয়াই ৰাজধানীখনক মিছাইল আৰু ড্ৰ’নেৰে লক্ষ্য কৰি অসংখ্য আৱাসিক আৰু বাণিজ্যিক অট্টালিকাৰ ক্ষতিসাধন কৰাৰ লগতে কেইবাখনো গাড়ী জ্বলাই দিয়ে।

চিএনএনৰ বাতৰি অনুসৰি বিষয়াসকলে কয় যে ৰাছিয়াই বেলিষ্টিক মিছাইল আক্ৰমণৰ সতৰ্কবাণী দিছে। কিছু সময়ৰ পাছতে ৰাজধানীখনক জোকাৰি যায় ধাৰাবাহিক বিস্ফোৰণে। কিয়েভৰ মেয়ৰ ভিটালি ক্লিচ্চকোৱে ইয়াক “বৃহৎ আক্ৰমণ” বুলি অভিহিত কৰে। ক্লিচ্কোৰ মতে, পডিলস্কি জিলাৰ বহুমহলীয়া অট্টালিকাৰ ধ্বংসাৱশেষৰ তলত এতিয়াও মানুহ আবদ্ধ হৈ আছে। কিয়ভ চহৰৰ সামৰিক প্ৰশাসনৰ মুৰব্বী টাইমুৰ টকাচেংকোৱে টেলিগ্ৰামত লিখিছে যে প্ৰাৰম্ভিক বাতৰি অনুসৰি কিছুমান লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে।

কিয়েভৰ আঞ্চলিক গৱৰ্ণৰ মাইকোলা কালাছনিকে কয় যে, গোটেই ৰাতি শত্ৰুৱে ড্ৰোন, ক্ৰুজ মিছাইল আৰু বেলিষ্টিক মিছাইল ব্যৱহাৰ কৰি কিয়ভ অঞ্চলত ডাঙৰ আক্ৰমণ চলাইছিল। আমাৰ শান্তিপূৰ্ণ চহৰ আৰু গাঁওসমূহ পুনৰবাৰ আক্ৰমণ কৰা হৈছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে ইয়াৰ পূৰ্বে সোমবাৰে নাগৰিকসকলক ৰাছিয়াৰ সম্ভাৱ্য “বৃহৎ” আক্ৰমণৰ বিষয়ে সকীয়াই দিছিল। ইউক্ৰেইনে ৰাছিয়াৰ তেল সম্পত্তিৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰাৰ সময়তে ৰাছিয়াৰ এই আক্ৰমণ সংঘটিত হৈছে। জেলেনস্কিৰ মতে, ইউক্ৰেইনে চলিত বৰ্ষত এতিয়ালৈকে ৰাছিয়াৰ ১৫টা তেল শোধনাগাৰ আক্ৰমণ কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande