কাটিগড়াত হেৰ’ইনসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
কাটিগড়াত হেৰ’ইনসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।
কাটিগড়াত হেৰ’ইনসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ


কাছাৰ, ০২ জুন (হি.স.): কাছাৰৰ ডিগাৰখালৰ পুৰণি এমভিআই গেটৰ সমীপত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি সোমবাৰে সন্ধিয়া এখন বাহনৰ পৰা বৃহৎ পৰিমাণৰ সন্দেহযুক্ত নিচা জাতীয় দ্রব্য জব্দ কৰা হয়। এক গোপনীয় খবৰৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে অভিযান চলাই ডিগাৰখালৰ পুৰণি এমভিআই গেটৰ সমীপত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এএছ ০১ ইটি ৬৯৩৩ নম্বৰৰ এখন বিলাসী গাড়ীত তালাচী চলাই বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰে ।

লগতে দুজন যোগানকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হৈছে নগাঁৱৰ আশিকুৰ ৰহমান আৰু মক্তাৰ হোছেইন নামৰ লোক দুজন । যোৱা কালি সন্ধিয়া গাড়ীখনৰ পৰা ২২টা চাবোনৰ বাকচত থকা হেৰ’ইন উদ্ধাৰ কৰা হয় । যাৰ বজাৰ মূল্য ১.৫ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে । অতিৰিক্ত এছ পি (ক্ৰাইম) ৰজত কুমাৰ পলৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande