জখলাবন্ধা বজাৰত ড্ৰাগচ সহ দুজনক আটক
জখলাবন্ধা বজাৰত ড্ৰাগচ সহ দুজনক আটক ।
জখলাবন্ধা বজাৰত ড্ৰাগচ সহ দুজনক আটক


নগাঁও, ০২ জুন (হি.স.) : নগাঁও জিলাৰ জখলাবন্ধাত বৃদ্ধি পাইছে ড্ৰাগছ আসক্ত লোকৰ সংখ্য়া । প্ৰায়ে যেনিয়ে তেনিয়ে দেখা যায় ড্ৰাগছ আসক্ত লোক। ইয়াৰ মাজতে জখলাবন্ধা বজাৰত যোৱা কালি সোমবাৰে নিশা ড্ৰাগচ সহ দুজনক আটক কৰা হৈছে ।

জানিব পৰামতে ড্ৰাগচ্ সেৱন কৰাৰ লগতে বিক্ৰী কৰিবলৈ ধৰোতেই স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে আটক কৰে দুয়োকে । আটকাধীন দুজন ক্ৰমে জখলাবন্ধাৰ জয় বাচফৰ (২৬) আৰু যোৰহাট তিতাবৰৰ ঋতুপন নেওগ (২৫) বুলি পৰিচয় পোৱা গৈছে । এই সন্দৰ্ভত জখলাবন্ধা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande