নেপালৰ বীৰগঞ্জৰ মেয়ৰক আন কাৰোবাৰ কন্যাক নিজৰ বুলি জাল জন্মৰ প্ৰমাণ পত্ৰ প্ৰস্তুত কৰাত গ্ৰেপ্তাৰ
কাঠমাণ্ডু, ০২ জুন (হি.স.)। নেপালৰ অৰ্থনৈতিক ৰাজধানী বীৰগঞ্জৰ মেয়ৰ ৰাজেশমান সিঙক আৰক্ষীয়ে মঙলবাৰে পুৱা পাৰ্ছা জিলাৰ থোৰী অঞ্চলত গ্ৰেপ্তাৰ কৰে । তেওঁক এটা ৰিজ’ৰ্টত গ্ৰেপ্তাৰ কৰা হয় । তেওঁৰ বিৰুদ্ধে আন এজনৰ কন্যাক নিজৰ বুলি দাবী কৰি জন্মৰ প্ৰমাণ পত
बीरगंज के मेयर को गिरफ्तार कर लाती पुलिस


কাঠমাণ্ডু, ০২ জুন (হি.স.)। নেপালৰ অৰ্থনৈতিক ৰাজধানী বীৰগঞ্জৰ মেয়ৰ ৰাজেশমান সিঙক আৰক্ষীয়ে মঙলবাৰে পুৱা পাৰ্ছা জিলাৰ থোৰী অঞ্চলত গ্ৰেপ্তাৰ কৰে । তেওঁক এটা ৰিজ’ৰ্টত গ্ৰেপ্তাৰ কৰা হয় । তেওঁৰ বিৰুদ্ধে আন এজনৰ কন্যাক নিজৰ বুলি দাবী কৰি জন্মৰ প্ৰমাণ পত্ৰ লাভ কৰা আৰু এই তথ্য ব্যৱহাৰ কৰি নাগৰিকত্ব প্ৰদান তথা পাছপ’ৰ্ট লাভ কৰি বিদেশ পঠোৱাৰ অভিযোগ উত্থাপিত হৈছে। জিলা আৰক্ষী কাৰ্যালয় পাৰ্ছাৰ প্ৰধান সুদীপৰাজ পাঠকে এই তথ্য প্ৰদান কৰে।

আৰক্ষী বিষয়া পাঠকে উল্লেখ কৰে যে পাৰ্ছা জিলা আদালতে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰাৰ আঠ দিনৰ পাছত মেয়ৰ সিঙক গ্ৰেপ্তাৰ কৰা হয়। মেয়ৰকে ধৰি চাৰিজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। গ্ৰেপ্তাৰৰ পৰোৱানা পোৱাৰ পিছদিনা আদালতত হাজিৰ হৈছিল মেয়ৰ সিঙ, কিন্তু পিছত পলায়ন কৰে।

নেপালত এই অপৰাধত দোষী সাব্যস্ত হ’লে সাত বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ৭০ হাজাৰ নেপালী টকা পৰ্যন্ত জৰিমনা বিহা হয়। মেয়ৰ ৰাজেশমান সিঙৰ বিৰুদ্ধেও একে শাস্তি বিচাৰিছে বিচাৰ বিভাগে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande