গোলকগঞ্জত নিজ পত্নীক হত্যাৰ অভিযোগত স্বামীক গ্ৰেপ্তাৰ
গ্ৰেপ্তাৰ গোলকগঞ্জৰ বৰ চৰাইখোলাৰ আব্দুল মান্নান সেখ।
গোলকগঞ্জত নিজ পত্নীক হত্যাৰ অভিযোগত স্বামীক গ্ৰেপ্তাৰ


যোৱা ২৬ মে'ত পত্নী ৰেহেনা পাৰভীনৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল।

পত্নীৰ পৰিয়ালৰ এজাহাৰৰ ভিক্তিত আজি আৰক্ষীয়ে স্বামীক গ্ৰেপ্তাৰ কৰি ধুবুৰী আদালতলৈ প্ৰেৰণ

ধুবুৰী, ০২ জুন (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জৰ বৰ চৰাইখোলাত যৌতুকৰ দাবীত পত্নীক হত্যাৰ অভিযোগত স্বামী আব্দুল মান্নান সেখক গ্ৰেপ্তাৰ কৰা হৈছে । যোৱা বৰ্ষৰ পাঁচ ডিচেম্বৰত দক্ষিণ শালমাৰাৰ ৰেহেনা পাৰভীনৰ সৈতে গোলকগঞ্জৰ বৰ চৰাইখোলাৰ আব্দুল মান্নান সেখৰ বিবাহ হয় । ৰেহেনাৰ পৰিয়ালৰ অভিযোগ বিবাহৰ পিছৰে পৰাই যৌতুক বিচাৰি স্বামীৰ লগতে পৰিয়ালৰ লোকে শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাইছিল।

ৰেহেনাৰ পৰিয়ালে কেইবাবাৰো ধনো আদায় দিছিল। যদিও যোৱা ২২ মাৰ্চতো যৌতুক বিচাৰি ৰেহেনাক নিৰ্যাতন চলাইছিল স্বামীৰ পৰিয়ালৰ লোকে। কিন্তু হঠাৎ যোৱা ২৬ মে’ৰ পুৱা ৰেহেনা পাৰভীনে চিপলৈ আত্মহত্যা কৰা বুলি অৱগত কৰে। চাৰি মহীয়া অন্তঃসত্বা ৰেহেনা পাৰভীনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে। ঘটনা সন্দৰ্ভত পাৰভীনৰ পৰিয়ালে ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিযোগ প্ৰদান কৰে । ঘটনা সন্দৰ্ভত গোলকগঞ্জ আৰক্ষীয়ে ১২১/২৬ নম্বৰত গোচৰ ৰুজু কৰে। গোচৰৰ ভিত্তিত যোৱা কালি সোমবাৰে গোলকগঞ্জ আৰক্ষীয়ে মুল অভিযুক্ত তথা স্বামী আব্দুল মান্নান সেখক গ্ৰেপ্তাৰ কৰি ধুবুৰী আদালতলৈ প্ৰেৰণ কৰে। আনহাতে পাৰভীনৰ পৰিয়ালে বাকী অভিযুক্তকো অতিশীঘ্ৰে আটক কৰাৰ দাবী জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande