
অভিনেতা অজয় দেৱগনৰ বহু প্ৰত্যাশিত ছবি ‘দৃশ্যম ৩’ সন্দৰ্ভত এটা ডাঙৰ আপডেট ওলাইছে। শ্বুটিং সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিছে পৰিচালক অভিষেক পাঠকে। ছবিখনে এতিয়া পোষ্ট প্ৰডাকচনৰ পৰ্যায়ত প্ৰৱেশ কৰিছে, মাত্ৰ কিছু পেচৱৰ্কহে বাকী আছে। ২০২৬ চনৰ ২ অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে ছবিগৃহত মুক্তি পাব ছাচপেন্স-থ্ৰিলাৰ ফ্ৰেঞ্চাইজিৰ তৃতীয় কিস্তি। অজয়ক আকৌ এবাৰ ছবিখনত বিজয় ছালগাঁওকাৰৰ জনপ্ৰিয় চৰিত্ৰত অভিনয় কৰা দেখা যাব ।
খবৰ অনুসৰি অভিনেতা জয়দীপ আহলাৱাটেও ‘দৃশ্যম ৩’ত মূল চৰিত্ৰত অভিনয় কৰা দেখা যাব। তবু আৰু শ্ৰিয়া সাৰণে পুনৰ অভিনয় কৰিব তেওঁলোকৰ পূৰ্বৰ চৰিত্ৰ। ইতিমধ্যে ছবিখনক লৈ দৰ্শকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে, আৰু শ্বুটিং সম্পূৰ্ণ হোৱাৰ লগে লগে ছবিখনৰ মুক্তিৰ প্ৰস্তুতি তীব্ৰতৰ হৈ পৰিছে।
প্ৰযোজক কুমাৰ মংগত পাঠক আৰু পৰিচালক অভিষেক পাঠকে স্পষ্ট কৰি দিছে যে হিন্দী সংস্কৰণৰ কাহিনী মালয়ালম ছবিৰ পৰা পৃথক হ’ব। তেওঁলোকৰ মতে, মোহনলালৰ ‘দৃশ্যম ৩’ ছবিখনত পাৰিবাৰিক নাটকৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে যদিও হিন্দী সংস্কৰণটোক পাৰিবাৰিক থ্ৰিলাৰ হিচাপে ডিজাইন কৰা হৈছে। হিন্দী দৰ্শকৰ বাবে এটা নতুন আৰু বেলেগ ট্ৰেক প্ৰস্তুত কৰা হৈছে, যাৰ ফলত ছবিখন অধিক ৰোমাঞ্চকৰ হ’ব বুলি নিৰ্মাতাসকলে দাবী কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া