
ঢাকা, ০২ জুন (হি.স.)। বাংলাদেশৰ বাগেৰহাটৰ ঐতিহাসিক খান জাহান (আৰ.) দৰগাহৰ পুখুৰীত নিশা এগৰাকী সাত বছৰীয়া কিশোৰীক বিচাৰি চলাধ কৰা হয়। এই কিশোৰীগৰাকীক গা ধুবলৈ গৈ থকা অৱস্থাত কুমিৰে টানি লৈ যায় । পুখুৰীটোৰ মহিলা ঘাটত সোমবাৰে নিশা প্ৰায় ৮:৩০ বজাত সংঘটিত হয় এই ঘটনা। । লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোক আৰু স্থানীয় বাসিন্দাই উদ্ধাৰ অভিযান আৰম্ভ কৰে। ৰাজধানী ঢাকাৰ পৰা বাগেৰহাট পথেৰে প্ৰায় ২২৫ কিলোমিটাৰ দূৰত্বত। বৰ্তমান ছোৱালীজনীৰ শুংসূত্ৰ নাই।
বাংলা কাকত প্ৰথম আলোত প্ৰকাশিত এক বাতৰি অনুসৰি এই মাজাৰৰ মুখ্য তত্ত্বাৱধায়ক ফকিৰ তাৰিকুল ইছলামে কয় যে ছোৱালীজনীৰ নাম ফাতিমা। মাকৰ সৈতে মাজাৰত থাকে তাই। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ছোৱালীজনীয়ে পুখুৰীত গা ধুবলৈ গৈছিল। হঠাতে কুমিৰে টানি লৈ যায়। বাগেৰহাট অগ্নিনিৰ্বাপক বাহিনীৰ ষ্টেচন বিষয়া শ্বেখ মামুনুৰ ৰছিদে কয় যে নিশা ১০:৩০ বজালৈকেও ছোৱালীজনীক উদ্ধাৰ হোৱা নাই, আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।
খাদিমে কয় যে যুৱতীগৰাকীৰ মাতৃ বিশেষভাৱে সক্ষম। দুয়োজনেই দীৰ্ঘদিন ধৰি এই মাজাৰৰ ওচৰতে বাস কৰি আহিছে। বাগেৰহাট-২ৰ সাংসদ শ্বেখ মনজুৰুল হক (ৰহাদ), জিলা উপ আয়ুক্ত গুলাম মহম্মদ বাটেন, আৰু আৰক্ষী অধীক্ষক হাছান মহম্মদ নাছেৰ ৰিকাবদাৰে ঘটনাস্থলী পৰিদৰ্শন কৰে। এগৰাকী মহিলা প্ৰত্যক্ষদৰ্শীয়ে কয়, আমি ঘাটৰ ওপৰত আছিলো। ছোৱালীজনী ঘাটলৈ নামি গ'ল। হঠাতে এটা কুমিৰে তাইৰ ভৰিখন মুখত ধৰি গভীৰ পানীত টানি লৈ গ'ল। ছোৱালীজনীৰ চিঞৰ শুনি ওচৰৰ মানুহবোৰে ঘাটলৈ দৌৰি গ'ল। কিছুমান মানুহে নাও লৈ পুখুৰীলৈ গৈ ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিলে, কিন্তু তাইক ক'তো পোৱা নগ'ল।
বাগেৰহাটৰ অগ্নিনিৰ্বাপক বাহিনীৰ আৰু অসামৰিক প্ৰতিৰক্ষাৰ ষ্টেচন বিষয়া শ্বেখ মামুনুৰ ৰছিদে সাংবাদিকৰ আগত কয় যে কুমিৰ হিংস্ৰ, গতিকে পানীত নামি যোৱাটো উদ্ধাৰকাৰীৰ বাবে বিপদজনক হ’ব পাৰে। নিশাৰ সময় আছিল। তথাপিও আমি এতিয়াও ছোৱালীজনীক বিচাৰি আছো। ইয়াৰ পূৰ্বে এপ্ৰিল মাহত কুমিৰে এই একেটা পুখুৰীতে কুকুৰ টানি নিয়াৰ ঘটনা এটা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। সেই সময়ত অঞ্চলটোৰ পুখুৰীত কুমিৰ ৰখাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। এই পুখুৰীটোত কুমিৰ পালনৰ এক দীৰ্ঘদিনীয়া পৰম্পৰা আছে। কিন্তু বৰ্তমান পুখুৰীটোত থকা মাইকী কুমিৰটো খানজাহানৰ সময়ৰ কুমিৰৰ বংশধৰ নহয়।
কোৱা হয় যে হজৰত খান জাহান আলীয়ে এই পুখুৰীটো নিৰ্মাণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ এযোৰ কুমিৰ এৰি দিয়ে। পিছত মতা কুমিৰক কলা পাহাৰ আৰু মাইকী কুমিৰক ধালা পাহাৰ নামেৰে নামাকৰণ কৰে। তেওঁৰ বংশধৰসকলেও তেনেদৰেই অনুসৰণ কৰিছিল। ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ শেষৰ বংশধৰটোৰ মৃত্যু হয়। ২০০৫ চনত ভাৰতৰ পৰা কিছুমান কুমিৰ আনি পুখুৰীত এৰি দিয়া হয়। তাৰে কিছুমানৰ মৃত্যু হ’ল। ২০২৩ চনৰ অক্টোবৰ মাহত শেষৰ দুটা কুমিৰৰ ভিতৰত এটাৰ মৃত্যু হৈছিল। তাৰ পিছৰ পৰা পুখুৰীটোত মাত্ৰ এটা মাইকী কুমিৰহে আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া